• দখাৰৰ ওপৰত পুনৰ স্থানীয় লোকৰ আক্ৰমণ,মেঘালয়ৰ গৃহমন্ত্ৰী লাকমেন ৰিম্বুৰ গৰিহণা

    ৰাজনৈতিক
    দখাৰৰ ওপৰত পুনৰ স্থানীয় লোকৰ আক্ৰমণ,মেঘালয়ৰ গৃহমন্ত্ৰী লাকমেন ৰিম্বুৰ গৰিহণা
    ডিজিটেল ডেস্কঃ খাচি ভাষাত দখাৰ মানে বহিৰাগত ৷ সময়ে সময়ে মেঘালয়ৰ স্থানীয়লোকে এইদৰে বিনা কাৰণতে বহিৰাগতৰ ওপৰত নিজৰ ক্ষোভ উজাৰি আহিছে । বিশেষকৈ বাংলাদেশীমূলৰ বাঙালী আৰু খাচি দ্বন্দৰ কথা সৰ্বজনবিদিত ৷

    ঘটনাটোৰ আৰম্ভ হৈছিল প্ৰথমে বিনাকাৰণত ইম্পালচ্ এন জি অ’ত বিগত এমাহে ইণ্টাৰ্ণশ্বিপ কৰি অহা কেৰেলাৰ দুজন যুৱকক প্ৰায় ৩০ জন স্থানীয় বাইক আৰোহীয়ে আক্ৰমণ কৰে ।স্থানীয় আন কিছু হৃদয়বান মানুহৰ তৎপৰতাৰ বাবে তেওঁলোক কথমপি ৰক্ষা পৰে ।

     এই ঘটনাক গৃহমন্ত্ৰী লাকমেন ৰিম্বুয়ে গৰিহণা দিয়ে ৷ ৰাজ্যখনৰ ডিজিপি এল আৰ বিষ্ণইয়ে এইক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে পুলিচ বিভাগে বৰ্তমান ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে, আৰু অপৰাধীৰ চিনাক্তকৰণৰ পিছতেই উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷