• শিৱসেনাৰ চীফ আৰু মূখ্যমন্ত্ৰী উদ্ধৱ থাকৰে সংকটত

    ৰাজনৈতিক
    শিৱসেনাৰ চীফ আৰু মূখ্যমন্ত্ৰী উদ্ধৱ থাকৰে সংকটত
    জ্যেষ্ঠ নেতাসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকৰ শেষত উদ্ধৱ থাকৰেই বিৰুদ্ধাচৰণ কৰা বিধায়কসকলক চৌবিশ ঘন্টাৰ চৰমসীমা বান্ধি দিয়ে ৷ ইফালে একনাথ সিন্ধে দাবী কৰে যে তেওঁৰ সমৰ্থনত প্ৰায় পঞ্চাশজন বিধায়ক আছে ৷ তাৰ মাজৰে চল্লিশজন শিৱসেনাৰ আৰু বাকী বাৰজন নিৰ্দলীয় বুলি তেখেতে জনায়। সিন্ধেৰ এই দাবীয়ে মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙাটো প্ৰায় নিশ্চিত  কৰিছে । প্ৰায়সংখ্যক বিধায়কে মুকলিকৈয়ে সিন্ধেৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ৷ মহাৰাষ্ট্ৰত শিৱসেনাৰ ৫৫জন বিধায়ক থকাৰ পিছতো কালিৰ দলীয় বৈঠকত মাথো ১৩জন বিধায়কহে উপস্থিত থাকে ৷ 

    ইফালে শেহতীয়াকৈ পোৱা খবৰ অনুসৰি শিৱসেনাৰ বিদ্ৰোহী মন্ত্ৰী একনাথ সিন্ধে ৰেডিচন ব্লু হোটেল এৰি মুম্বাইলৈ ৰাওনা হৈছে ৷ তাত তেওঁ ডেপুটী স্পীকাৰ নৰহৰি সীতাৰাম জিৰৱালৰ সৈতে এখন বৈঠকত মিলিত হ’ব ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ এখন পত্ৰৰ পিছতেই   একনাথ সিন্ধে অসম এৰা বুলি জানিব পৰা গৈছে ৷