Business
Digital Desk: The Indian equity indices, NSE Nifty and BSE Sensex closed lower on Thursday. The NSE Nifty ended below the 23,550 mark, while the BSE Sensex dropped to 528 Points.
ডিজিটেল
ডেস্ক : মহাৰাষ্ট্ৰত ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে। পতনৰ
দিশে অগ্ৰসৰ হৈছে মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বৰ ত্ৰিদলীয় চৰকাৰ। সহযোগী দুয়োটা দল
ক্ৰমে, কংগ্ৰেছ আৰু এনচিপিৰ মাজত বিভাজন দেখিবলৈ পোৱা নাই যদিও শিৱসেনাৰ
বিধায়কসকলৰ মাজত হোৱা বিভাজনে এতিয়া অস্থিৰ কৰি তুলিছে মহাৰাষ্ট্ৰ চৰকাৰ। একনাথ
সিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙাৰ সকলো পৰিকল্পনা ৰচনা হৈছে। আৰু
স্বাভাৱিকতে আঁৰৰ পৰা এই সকলো প্ৰক্ৰিয়াৰে আঁত ধৰিছে বিজেপিয়ে। অৱশ্যে একনাথ সিন্দেই
বিজেপিৰে সম্পৰ্কত থকাৰ কথা অস্বীকাৰ কৰিছে। কিন্তু মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ
বৃহৎ দলটোৱে গুৱাহাটী ৰেডিচন ব্লু হোটেলত বাহৰ পতাটোৱে বহু কথাই স্পষ্ট কৰি
তুলিছে।
এই
জল্পনা-কল্পনাৰ মাজতে আন এটা বৃহৎ খবৰক লৈ
চৰ্চা চলিছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী
উদ্ধৱ থাকৰেই আজি সন্ধিয়া এটা বৃহৎ সিদ্ধান্ত লোৱাৰ
সম্ভাৱনা আছে। ধাৰণা কৰা হয় যে, মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে আজি সন্ধিয়াৰ ভাগলৈ পদত্যাগ কৰাৰ প্ৰস্তাৱ দিব পাৰে। উদ্ধৱে প্ৰথমে তেওঁৰ বাকী থকা বিধায়ক আৰু সাংসদসকলক
সাক্ষাৎ কৰিব আৰু তেওঁলোকক তেওঁৰ স্থিতিৰ বিষয়ে ব্যাখ্যা কৰিব। ইয়াৰ উপৰি
শিৱসেনাৰ মুৰব্বী তথা ত্ৰিদলীয় চৰকাৰখনৰ মূল গুৰি ধৰোঁতাগৰাকীয়ে এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে এনচিপিৰ সভাপতি শৰদ
পাৱাৰৰ সৈতে এখন ব্যক্তিগত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব।
ইয়াৰ উপৰি, মুখ্যমন্ত্ৰী থাকৰেই পৰিস্থিতি স্পষ্ট কৰিবলৈ
কংগ্ৰেছ দলৰ নেতা বালাচাহেব থোৰাটৰ সৈতেও কথা পাতিব। থাকৰেৰ এই ডাঙৰ
সিদ্ধান্ত তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা
পদত্যাগ কৰাটোৱেই হোৱাৰ সম্ভাৱনা আছে। শাৰদ পাৱাৰক সাক্ষাৎ কৰাৰ পাছতে তেওঁ এই সম্পৰ্কত
চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।
কংগ্ৰেছৰ এটা সূত্ৰই সদৰি কৰিছে যে, চৰকাৰ সংখ্যালঘু অৱস্থালৈ আহিছে আৰু কংগ্ৰেছ
ইয়াৰ বিষয়ে অৱগত। ইফালে, মহাৰাষ্ট্ৰৰ সাম্প্ৰতিক
ৰাজনৈতিক পৰিস্থিতিক লৈ শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে মহাৰাষ্ট্ৰ বিধানসভা ভংগ কৰাৰ ইংগিত
দিছে। সঞ্জয় ৰাউতে টুইট কৰিছিল যে মহাৰাষ্ট্ৰত চলি থকা ৰাজনৈতিক সংকট বিধানসভা ভংগৰ
দিশে আগবাঢ়িছে। এনে পৰিস্থিতিত শীঘ্ৰেই মহাৰাষ্ট্ৰৰ ৰাজনীতিত ব্যাপক পৰিৱৰ্তনৰ ইংগিত পোৱা
গৈছে। এতিয়া কোনে ৰাজ্যখনৰ চৰকাৰৰ চালকৰ আসনত বহিব তাক লৈ এতিয়া জল্পনা কল্পনা
চলিছে।
mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-font-family:
Arial;mso-bidi-theme-font:minor-bidi;mso-bidi-language:AS">
Leave A Comment