• উদ্ধৱ ঠাকৰে পদত্যাগ কৰা নাই, শেষলৈকে যুঁজ দিব: সঞ্জয় ৰাউত

    ৰাজনৈতিক
    উদ্ধৱ ঠাকৰে পদত্যাগ কৰা নাই, শেষলৈকে যুঁজ দিব: সঞ্জয় ৰাউত
    ডিজিটেল ডেস্কঃ দলৰ ভিতৰত অন্তঃকন্দল। চৰকাৰখনৰো বৰ্তমান স্থিতি খুবেই সংকটজনক। শিৱসেনাৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে শেষ পৰ্যন্তলৈকে চৰকাৰখন বচাবলৈ চেষ্টা কৰি আছে। তেওঁ দলৰ কৰ্মীসকলৰ সমৰ্থকসকললৈ এটা বাৰ্তাও প্ৰেৰণ কৰিছিল। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে যদি শিৱ সৈনিকসকলে তেওঁক অযোগ্য বুলি ভাবে আৰু দল টো চলাবলৈ বিফল হোৱা বুলি ভাৱে তেন্তে তেওঁ দল আৰু মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ সাজু। অৱশ্যে, শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে কয়, "উদ্ধৱ ঠাকৰেয়ে পদত্যাগ নকৰে। প্ৰয়োজন হ'লে সকলো শিৱ সৈনিক ৰাজপথলৈ ওলাই আহিব। "

    মহাৰাষ্ট্ৰত মিত্ৰজোঁট চৰকাৰৰ সংকট অব্যাহত আছে। মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে শুকুৰবাৰে এনচিপিৰ মুৰব্বী শৰদ পাৱাৰৰ সৈতে চৰকাৰক বচোৱাৰ পৰিত্ৰাণ  বিচাৰি এখন বৈঠকো কৰিছে। ইয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে বিদ্ৰোহী নেতা একনাথ চিন্দেৰ বিৰুদ্ধে মুখ খুলি দলৰ কৰ্মী আৰু সমৰ্থকসকললৈ এক আৱেগিক বাৰ্তা প্ৰেৰণ কৰে।

    এক ভিডিঅ' বাৰ্তাত উদ্ধৱ ঠাকৰেয়ে কয়, "যদি আপুনালোকে ভাবে যে মই অক্ষম, তেন্তে মই এই মুহূৰ্তত দলৰ পৰা পদত্যাগ কৰিম। যদি আপুনালোকে ভাবে যে মই দলটো চলাবলৈ বিফল হৈছো, তেন্তে মই নিজকে দলৰ পৰা পৃথক কৰিম। ভিডিঅ' বাৰ্তাটোত উদ্ধৱে বিদ্ৰোহী নেতা একনাথ চিন্দেকো লক্ষ্য কৰি কয়। শিৱসেনা এতিয়াও শেষ হোৱা নাই। যিসকলে বিজেপিৰ পক্ষ লৈছে তেওঁলোকে দলটোৰ ক্ষতি কৰিছে। 

    দলীয় কৰ্মী আৰু সমৰ্থকসকললৈ প্ৰেৰণ কৰা বাৰ্তাত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে লগতে কয়, "কিছুদিনৰ আগতে মই সন্দেহ কৰিছিলো যে এনেধৰণৰ কিবা ঘটিব পাৰে। তেতিয়া মই সিন্দেক ফোন কৰিছিলো আৰু শিৱসেনাৰ দায়িত্ব ল'বলৈ প্ৰস্তাৱ দিছিলো। শিন্দে মোক কৈছিল যে এনচিপি-কংগ্ৰেছ মিত্ৰজোঁটে আমাক আৰু বিধায়কসকলক শেষ কৰিবলৈ চেষ্টা কৰি আছে। আমি বিজেপিৰ সৈতে যাব বিচাৰো। বিদ্ৰোহী বিধায়কসকলক সম্বোধন কৰি তেওঁ কয়, "যদি কোনোবাই বিজেপিলৈ যাব বিচাৰে, তেন্তে সেই বিধায়ক বা নেতাই মোক ক'ব লাগে আৰু তাৰ পাছত হে তেওঁলোকে পদক্ষেপ লব লাগে।"