• ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কুচকাৱাজ! দিল্লীত উপস্থিত হৈয়েই মমতাই সাক্ষাৎ শ্বাৰদ পাৱাৰৰ

    ৰাজনৈতিক
    ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কুচকাৱাজ! দিল্লীত উপস্থিত হৈয়েই মমতাই সাক্ষাৎ শ্বাৰদ পাৱাৰৰ
    ডিজিটেল ডেস্কঃ মমতা বেনাৰ্জী দিল্লীত উপস্থিত হৈয়েই  কংগ্ৰেছ নেতা শ্বাৰদ পাৱাৰক সাক্ষাৎ কৰিছে। তিনিদিনীয়া ভ্ৰমণসূচী লৈ  মঙলবাৰে বংগৰ মুখ্যমন্ত্ৰীগৰাকী দিল্লীত উপস্থিত হৈছে। খবৰ অনুসৰি তেওঁ বিমানবন্দৰৰ পৰা নামি এনচিপি নেতাৰ ঘৰত উপস্থিত হৈছিল। ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ দুয়োজন ৰাজনীতিবিদৰ মাজত দীঘলীয়া আলোচনা হোৱাৰ খবৰ পোৱা গৈছিল। অৱশ্যে, শ্বাৰদ পাৱাৰে ইতিমধ্যে বিৰোধী শিবিৰৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছে। চিপিআইএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে মঙলবাৰে এইকথা স্পষ্ট কৰিছিল।

    ইফালে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ১৫ জুনত দিল্লীত বিৰোধী শিবিৰৰ সৈতে এখন বৈঠক আহ্বান কৰিছে। বৈঠকখন দিল্লীৰ সংবিধান গৃহত অনুষ্ঠিত হ'ব। য'ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সকলো অ-বিজেপি হেভিৱেট ৰাজনীতিবিদক বৈঠকত থকাৰ আহ্বান জনাইছে।

    শ্বাৰদ পাৱাৰে নিজেই টুইটাৰত মমতা বেনাৰ্জীৰ সৈতে হোৱা সাক্ষাতৰ এখন ফটো পোষ্ট কৰিছিল। এনচিপি নেতাজনে লিখিছিল, "মই আজি দেশৰ কেইবাটাও বিষয়ত মমতা বেনাৰ্জীৰ সৈতে বিতং আলোচনা কৰিছিলো। "

    ৰাষ্ট্ৰপতি নিৰ্বাচন ১৮ জুলাইত অনুষ্ঠিত হ'ব। শুনা গৈছিল যে বিৰোধীয়ে শ্বাৰদ পাৱাৰৰ ওপৰত বাজি ধৰি আগবাঢ়িব বিচাৰিছিল। কংগ্ৰেছৰ তত্ত্বাৱধায়ক সভাপতি ছোনিয়া গান্ধীয়েও চিকিৎসালয়ত ভৰ্তি হোৱাৰ আগতে উক্ত বিষয়টোৰ ওপৰত আলোচনা কৰিছিল।  অৱশ্যে, এনচিপি ৰ মুৰব্বীগৰাকীয়ে তেওঁৰ স্থিতি স্পষ্ট কৰি দিছিল। এনচিপিৰ মুৰব্বীয়ে স্পষ্ট কৰি দিছে যে তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাৰ্থী হোৱাৰ দৌৰত নাই। চিপিআইএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়েও মঙলবাৰে এই কথা স্পষ্ট কৰিছিল।