• ‘পেঞ্চন অবিহনে অৱসৰ ল’লে অগ্নিবীৰসকলক কোনে বিয়া কৰাব?’; কোন ৰাজ্যপালৰ প্ৰতিক্ৰিয়াই বৃদ্ধি কৰিছে উত্তেজনাৰ?

    ৰাজনৈতিক
    ‘পেঞ্চন অবিহনে অৱসৰ ল’লে অগ্নিবীৰসকলক কোনে বিয়া কৰাব?’; কোন ৰাজ্যপালৰ প্ৰতিক্ৰিয়াই বৃদ্ধি কৰিছে উত্তেজনাৰ?
    ডিজিটেল ডেস্কঃ অব্যাহত আছে কেন্দ্ৰ চৰকাৰৰ ‘অগ্নিপথ’ আঁচনিক লৈ নানা বিতৰ্কৰ। ইয়াৰ মাজতে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে নতুন সেনা নিযুক্তি প্ৰকল্প ‘অগ্নিপথ’ক লৈ মোদী চৰকাৰৰ অস্বস্তি আৰু অধিক বৃদ্ধি কৰা দেখা গৈছে। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিৰোধীৰ সুৰত সুৰ মিলাই অগ্নিপথ আঁচনি প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। মেঘালয়ৰ ৰাজ্যপাল গৰাকীৰ স্পষ্ট কথা, ‘পেঞ্চন অবিহনে অৱসৰ ল’লে অগ্নিবীৰসকলক কোনে বিয়া কৰাব?’

    ৰাজ্যপালগৰাকীয়ে কয় যে, ‘অগ্নিপথ প্ৰকল্প কেতিয়াও দেশৰ যুৱক-যুৱতীসকলৰ স্বাৰ্থত নহয়। বৰং এই প্ৰকল্পৰ জৰিয়তে গাঁও আৰু চৰকাৰৰ মাজৰ দূৰত্ব বৃদ্ধি পাব।’ মনকৰবিলগীয়া যে, চৰকাৰৰ এই আঁচনিৰ বিৰুদ্ধে মাত মতা প্ৰথমগৰাকী ৰাজ্যপাল হিচাপে বিবেচিত হৈছে সত্যপাল মালিক। অৱশ্যে, কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছেও বিজেপি চৰকাৰৰ এই পৰিকল্পনাৰ বিৰুদ্ধে মাত মাতিছে। তদুপৰি, নীতিশ কুমাৰৰ ঐক্যবদ্ধ জনতা দলেও ‘অগ্নিপথ’ প্ৰকল্পৰ তীব্ৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে।

    প্ৰসংগক্ৰমে, ১৪ জুনত প্ৰতিৰক্ষা মন্ত্ৰালয়ে সেনাবাহিনীত ঠিকাভিত্তিক নিযুক্তিৰ বাবে ‘অগ্নিপথ’ প্ৰকল্প আৰম্ভ কৰিছিল। আৰু তাৰ পিছত সমগ্ৰ দেশতে অশান্তিৰ জুই জ্বলি উঠিছে। বিহাৰকে ধৰি দেশৰ ১৪খন ৰাজ্যত তীব্ৰ প্ৰতিবাদৰ সূচনা হৈছে। প্ৰতিবাদী অগ্নিকাণ্ডত একাধিক ৰে’ল আৰু গাড়ী জ্বলি উঠিছে। আৰক্ষীৰ গুলীত নিহত হৈছে প্ৰতিবাদকাৰী। তাৰ মাজতে মেঘালয়ৰ ৰাজ্যপালগৰাকীৰ শেহতীয়া মন্তব্যই বিশেষ ক্ৰিয়া কৰা পৰিলক্ষিত হৈছে।