• ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ বাবে “মন কী বাতত” কংগ্ৰেছক সমালোচনা নৰেন্দ্ৰ মোডীৰ

    ৰাজনৈতিক
    ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ বাবে “মন কী বাতত” কংগ্ৰেছক সমালোচনা নৰেন্দ্ৰ মোডীৰ
     ডিজিটেল ডেস্কঃ মত প্ৰকাশৰ স্বাধীনতা- গনতন্ত্ৰৰ আধাৰ । ভাৰতীয় সংবিধানে নাগৰিকক প্ৰদান কৰা সাতোটা মৌলিক অধিকাৰৰ ভিতৰত ই অন্যতম ৷ তদুপৰি ৰাষ্ট্ৰৰ পূৰ্ণবিকাশ আৰু প্ৰগতিৰ বাবে মতপ্ৰকাশৰ স্বাধীনতা থকাটো একান্তই জৰুৰী ৷

    নিজৰ ৯০ সংখ্যক “মন কী বাতত” কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ১৯৭৫ চনৰ জুন মাহত ভাৰতীয়ৰ ওপৰত জৰুৰীকালীন অৱস্থা জাপি দিয়া হৈছিল ।খৰ্ব কৰা হৈছিল দেশৰ নাগৰিকসকলৰ সকলো অধিকাৰ ৷সেই অধিকাৰসমূহৰ ভিতৰত অন্যতম আছিল সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত সকলো ভাৰতীয়ক প্ৰদান কৰা জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ । ইয়াৰ দ্বাৰা গনতন্ত্ৰক মষিমূৰ কৰাৰ প্ৰয়াস কৰা হৈছিল৷দেশৰ  আদালতসমূহ,প্ৰতিটো সাংবিধানিক প্ৰতিষ্ঠান আৰু ছপা মাধ্যমক নিয়ন্ত্ৰণত ৰখা হৈছিল ৷প্ৰতিক্ষেত্ৰতে চেন্সৰশ্বিপ এনেকুৱা কটকটীয়া আছিল যে অনুমোদন অবিহনে একো ছপা কৰিবপৰা নাছিল। 

    সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত ভাৰতীয় সংবাদ মাধ্যমে মুক্তভাৱে মতপ্ৰকাশৰ স্বাধীনতা ভোগ কৰিছেনে ? চাবলৈ গ’লে জৰুৰীকালীন অৱস্থাৰ আনুষ্ঠানিক প্ৰতিবন্ধকতাহে নাই, কিন্তু কাৰ্যক্ষেত্ৰত ভাৰতীয় সংবাদ মাধ্যমৰ বাক স্বাধীনতাৰ বিষয়টো এতিয়া এক প্ৰহসনত পৰিণত হৈছে ৷ দেশৰ বেছিভাগ সংবাদ মাধ্যমেই চৰকাৰৰ ওচৰত বিক্ৰী যোৱা । আপোচহীন আৰু সাংবাদিকসকলৰ কন্ঠৰোধ কৰিবলৈ ৰাষ্ট্ৰই প্ৰতিমূহূৰ্ততে চেষ্টা চলাই আহিছে ।

    ইণ্ডিয়া প্ৰেছ ফ্ৰীডম ৰিপ’ৰ্ট ২০২১ অনুসৰি সমগ্ৰ দেশতে ৬জন সাংবাদিকক হত্যা,১০৮ জনৰ ওপৰত আক্ৰমণ আৰু ১৩ টা সংবাদ প্ৰতিষ্ঠানক আক্ৰমণৰ লক্ষ্য কৰা হৈছিল ৷
    [
    “ওৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্স ২০২২” অনুসৰি বাকস্বাধীনতাৰ ক্ষেত্ৰত ভাৰত অৱনমিত হৈছে ১৫০ তম স্থানলৈ । ইয়াৰ অৰ্থ হ’ল সংবাদ মাধ্যমৰ বাবে এই দেশ বিপদজনক ।আনকি দেশবিহীন সাংবাদিক আৰু নটা মানৱ অমিকাৰ সংগঠনে ভাৰতীয় কৰ্তৃপক্ষক তেওঁলোকৰ কামৰ বাবে সাংবাদিক আৰু অনলাইন সমালোচকক লক্ষ্য কৰাটো বন্ধ কৰিবলৈ কয়।