comScore
  • নিৰ্বাচনমুখী গুজৰাটত মোদীৰ ১.১৬ লাখ কোটি টকাৰ প্ৰকল্প 'উপহাৰ'

    ৰাজনৈতিক
    নিৰ্বাচনমুখী গুজৰাটত মোদীৰ ১.১৬ লাখ কোটি টকাৰ প্ৰকল্প  'উপহাৰ'
    ডিজিটেল ডেস্কঃ গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন আজি ঘোষণা হৈছে।। নিৰ্বাচনমুখী ৰাজ্য খনত এতিয়া বিভিন্ন ৰাজনৈতিক দলে ভোটাৰক আকৃষ্ট কৰিবলৈ নানান লোভনীয় ঘোষণা কৰিছে। পিছপৰি ৰোৱা নাই ৰাজ্য খনৰ শাসকীয় বিজেপি দলো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্চ মাহৰ  পৰাই প্ৰতি মাহে কমেও এবাৰ গুজৰাট ভ্ৰমণ কৰিছে। গুজৰাটৰ বিভিন্ন চৰকাৰী প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠান এপ্ৰিল মাবতে  আৰম্ভ হৈ গৈছিল।

    হয় আধাৰশিলা স্থাপন ,  নহয় প্ৰকল্প উদ্বোধন , সকলো ক্ষেত্ৰতে ৰাজ্য খনত এতিয়া বিজেপি আগত আছে। গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যোৱা সাত মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১.১৬ লাখ কোটি টকাৰো অধিক মূল্যৰ চৰকাৰী প্ৰকল্প "উপহাৰ"  হিচাবে দিছে।  বিৰোধীয়ে অভিযোগ কৰিছে  যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট বিধানসভা নিৰ্বাচনৰ পূৰ্বে আধাৰশিলা স্থাপন কৰি গৈ আছে বা হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰিছে।  মোদীয়ে  জুনত দুবাৰ গুজৰাট ভ্ৰমণ কৰিছে । তেওঁ অক্টোবৰত তিনিবাৰ গুৰাটলৈ  গৈছিল। তেওঁ তেওঁৰ অন্তিম ভ্ৰমণ সম্পূৰ্ণ কৰাৰ পিছত মঙলবাৰে দিল্লীলৈ উভতি আহিছিল।

    প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰীয়ে  গুজৰাটত চলিত বিত্তীয় বৰ্ষত এপ্ৰিলৰ পৰা অক্টোবৰলৈ গুজৰাটত ১,১৬,৭২০ কোটি টকাৰ চৰকাৰী প্ৰকল্পৰ উদ্বোধন বা আধাৰশিলা স্থাপন কৰিছে। ইয়াৰ ভিতৰত আছে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিও। ৰাজ্য চৰকাৰৰো বহু কেইটা  প্ৰকল্প আছে। আহমেদাবাদৰ পৰা বনসকন্ত, নৱসাৰীৰ পৰা চুৰাটলৈকে, গুজৰাটৰ কোনো অঞ্চল প্ৰধানমন্ত্ৰীৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনৰ তালিকাৰ পৰা বাদ পৰা নাই। বিৰোধীৰ মতে এই বছৰৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ শিক্ষা ব্যৱস্থাৰ বাবে ১,০৪,০০০ কোটি টকা আৱণ্টন কৰিছে । প্ৰধানমন্ত্ৰীয়ে কেৱল গুজৰাট নিৰ্বাচনৰ বাবে অধিক ধনৰ আঁচনি 'উপহাৰ' দিছে।

    হিমাচল প্ৰদেশত ১৫ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল। কিন্তু নিৰ্বাচন আয়োগে সেইদিনা গুজৰাটৰ নিৰ্বাচনৰ দিন  ঘোষণা কৰা নাছিল। বিৰোধীয়ে কৈছে  যে প্ৰধানমন্ত্ৰীৰ গুজৰাট ভ্ৰমণ সমাপ্ত হৈছে। এইবাৰ নিৰ্বাচন আয়োগে গুজৰাটৰ নিৰ্বাচন ঘোষণা কৰিব। যদি নিৰ্বাচন আগতীয়াকৈ ঘোষণা কৰা হয় আদৰ্শ আচৰণ বিধি জাৰী কৰা হ'লহেঁতেন।তেতিয়া  প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী, প্ৰকল্পৰ উদ্বোধন বা আধাৰশিলা স্থাপনত বাধা আহি পৰিলহেঁতেন বুলি বিৰোধীয়ে মন্তব্য কৰিছে।

    গুজৰাটৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে  টাটা-এয়াৰবাছৰ মালিকানাধীন বিমান কাৰখানাৰ আধাৰশিলা স্থাপন কৰিছিল। এই কোম্পানীটোত ২২,০০০ কোটি টকা বিনিয়োগ কৰা হ’ব। গুজৰাটৰ আৰ্চেলৰমিত্তাল আৰু নিপ্পনৰ দ্বাৰা যুটীয়াভাৱে আয়োজিত এটা তীখা প্ৰকল্পৰ সম্প্ৰসাৰণ অনুষ্ঠানতো মোদী উপস্থিত আছিল। ইয়াতো ৬০,০০০ কোটি টকাৰ বিনিয়োগ হ'ব।  অৰ্ধপৰিবাহী সামগ্ৰী  তৈয়াৰ কৰিবলৈ গুজৰাটত ফক্সকন আৰু বেদন্তৰ এটা যৌথ উদ্যোগ নিৰ্মাণ কৰা হ'ব। য'ত ১ লাখ ৫৪ হাজাৰ কোটি টকা বিনিয়োগ কৰা হ'ব। ইয়াৰ অৰ্থ হৈছে যে ১.১৬ লাখ কোটি টকাৰ চৰকাৰী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি মোদীয়ে নিৰ্বাচনী প্ৰচাৰত ৰাজ্যখনত ২.৩৬ লাখ কোটি টকাৰ ব্যক্তিগত বিনিয়োগ বৃদ্ধিৰ  বাবে কৃতিত্ব দাবী কৰিব পাৰে।

    প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে, মোদীয়ে মাৰ্চ মাহত গুজৰাটৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়, পঞ্চায়ত সন্মিলন আৰু খেল মহাকুম্ভত অংশগ্ৰহণ কৰিছিল। প্ৰকল্পটোৰ আধাৰশিলা এপ্ৰিলত স্থাপন হৈছিল। দাহোদ, পঞ্চমহল, বদোদৰা, নৱসাৰী, চাবৰকান্থা, ভালচাদ, আহমেদাবাদ, ভাৰুচ, চুৰাট, ৰাজকোট, জুনাগড়, মেহছানা আদিতো কোটি কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। 

    গুজৰাটৰ ৰাষ্ট্ৰীয় কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঘু শৰ্মাই কয়, "চৰকাৰী প্ৰকল্প উদ্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ ব্যয়ত  ৰাজহুৱা সভা অনুষ্ঠিত কৰে। প্ৰধানমন্ত্ৰীৰ এটা অনুষ্ঠান আয়োজনৰ বাবে কোটি কোটি টকা ব্যয় কৰা হৈছে।আম আদমী পাৰ্টিৰ গুজৰাটৰ সভাপতি গোপাল ইটালিয়াই প্ৰশ্ন কৰিছে , "কালি প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ ৰাজনৈতিক কাৰ্যসূচীৰ সমাপ্তি ঘটিছে।  এতিয়া নিৰ্বাচন আয়োগে  গুজৰাটৰ বাবে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব নে?"








    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88 situs sabung ayam