• দলতকৈ ব্যক্তিগত স্বাৰ্থহে ঊৰ্ধ্বত! ৰাজ্যসভাৰ প্ৰাৰ্থীত্বক লৈও বিসম্বাদৰ উকমুকনি কংগ্ৰেছত

    ৰাজনৈতিক
    দলতকৈ ব্যক্তিগত স্বাৰ্থহে ঊৰ্ধ্বত! ৰাজ্যসভাৰ প্ৰাৰ্থীত্বক লৈও বিসম্বাদৰ উকমুকনি কংগ্ৰেছত

    mso-fareast-font-family:"Times New Roman";color:#333333">ডিজিটেল ডেস্ক : তীব্ৰ
    অন্তঃকলহত জৰ্জৰিত কংগ্ৰেছ। ভৰিৰ পৰা মূৰলৈ কংগ্ৰেছৰ সাংগঠনিক গাঁঠনি যেন এতিয়া
    সোলোক-ঢোলোক হৈ পৰিছে। দলৰ প্ৰতি দায়বদ্ধতাহীন একাংশ নেতাই কেৱল ক্ষমতাৰ বাবে দলৰ
    ভিতৰচ’ৰাত সৃষ্টি কৰিছে অস্থিৰ পৰিস্থিতি। আৰু এই অস্থিৰতাৰ একমাত্ৰ কাৰণ হৈছে
    ক্ষমতাকেন্দ্ৰিক ৰাজনীতি। শেহতীয়াকৈ ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাক লৈও
    কংগ্ৰেছত বিসম্বাদৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰাৰ্থিত্ববঞ্চিত একাংশ নেতাই
    এতিয়া মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে।



    mso-fareast-font-family:"Times New Roman";color:#333333">মন কৰিবলগীয়া যে,
    কংগ্ৰেছে ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পূৰ্বেই দল ত্যাগ কৰিছিল জ্যেষ্ঠ নেতা
    তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালে। তেওঁ উত্তৰ প্ৰদেশৰ পৰা সমাজবাদী
    পাৰ্টীৰ সমৰ্থন লৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰিছে।
    কংগ্ৰেছৰ বহু চৰ্চিত ‘জি-২৩’ গোটৰ নেতাসকলৰ অন্যতম কপিল ছিবালৰ দলত্যাগৰ আঁৰত তেওঁ
    ৰাজ্যসভাৰ টিকট নোপোৱাৰ আশংকাই ক্ৰিয়া কৰা বুলি ধাৰণা কৰা হৈছে। কেৱল কপিল ছিবালেই
    নহয়, পৱন খেৰাৰ দৰে নেতায়ো টিকট বঞ্চিত হৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। কংগ্ৰেছৰ
    ৰাজ্যসভাৰ টিকট লাভৰ বাবে তেওঁৰ তপস্যা কম হোৱা বুলি তেওঁ মুকলিকৈ মন্তব্য কৰি অসন্তুষ্টি
    উদঙাই দিছে। ইফালে, কংগ্ৰেছৰ দহজনীয়া প্ৰথম প্ৰাৰ্থী তালিকাত স্থান লাভ নকৰা গোলাম
    নবী আজাদ, আনন্দ শৰ্মাৰ দৰে জ্যেষ্ঠ নেতায়ো দল ত্যাগ কৰিব পাৰে বুলি চৰ্চা চলিছে।



    mso-fareast-font-family:"Times New Roman";color:#333333">তাৎপৰ্যপূৰ্ণভাৱে
    কংগ্ৰেছত পদবীকেন্দ্ৰিক এই খোৱা-কামোৰা তথা দলটোৰ নেতাসকলৰ দলতকৈ নিজৰ স্থানক লৈ সচেতনতাই
    বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে। অসমতো সেই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ
    ছত্ৰছায়াত সমগ্ৰ জীৱন অতিবাহিত কৰা ভূৱনেশ্বৰ কলিতাৰ দৰে নেতাই কংগ্ৰেছ ত্যাগ কৰি
    বিজেপিৰ পৰা ৰাজ্যসভালৈ গৈছে। কেৱল এয়াই নহয়, ৰিপুন বৰাই সভাপতি পদ ত্যাগ
    কৰিবলগীয়া হোৱাৰ পাছতে দলো ত্যাগ কৰি তৃণমূল কংগ্ৰেছৰ সভাপতি হৈছে। পঞ্জাবৰ প্ৰদেশ
    কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুনীল জাখাৰেও ত্যাগ কৰিছে দল। দলত গুৰুত্ব নোপোৱাৰ
    অভিযোগেৰে গুজৰাটৰ যুৱ নেতা হাৰ্ডিক পেটেলে দল ত্যাগ কৰি বিজেপিলৈ যোৱাৰ বাবে সাজু
    হৈছে।



    mso-fareast-font-family:"Times New Roman";color:#333333">ইফালে, কংগ্ৰেছৰ
    একেখিনি নেতাই বাৰম্বাৰ সুযোগ লাভ কৰি থকাক লৈও প্ৰশ্ন উঠিছে। মন কৰিবলগীয়া কথাটো
    হৈছে যে, এইবাৰ কংগ্ৰেছৰ দহ জনীয়া প্ৰাৰ্থী তালিকাখন অনুসৰি প্ৰাৰ্থীত্ব পোৱা
    নেতাসকল হৈছে ক্ৰমে, ৰাজীন শুক্লা, ৰঞ্জিৎ ৰঞ্জন, অজয় মাকেন, জয়ৰাম ৰমেশ, বিবেক
    তাংখা, ইমৰাণ প্ৰতাপগঢ়ী, ৰণদ্বীপ সিং সূৰ্যেৱালা, মুকেশ ৱাছনিক, প্ৰমোদ তিৱাৰী,
    পি চিদাম্বৰম। অৰ্থাৎ নতুনৰ স্থান এই তালিকাত শূন্য। মাত্ৰ দুখন ৰাজ্যতহে শাসনত
    থকা তথা কেইখনমানত মিত্ৰ চৰকাৰৰ অংশ হৈ থকা কংগ্ৰেছে দিয়া প্ৰাৰ্থীক বহিৰাগত বুলি
    অভিযোগ কৰিও সমালোচনা কৰা হৈছে দলৰ মজিয়াতে।



    mso-fareast-font-family:"Times New Roman";color:#333333;mso-ansi-language:EN-US;
    mso-fareast-language:EN-US;mso-bidi-language:AR-SA">তাৰ বিপৰীতে কিন্তু বিজেপিত
    এনে অব্যৱস্থা নাই বুলিব পাৰি। বিজেপিয়েও বহু জ্যেষ্ঠ নেতাক বাদ দিছে ৰাজ্যসভাৰ
    প্ৰাৰ্থী তালিকাৰ পৰা। চলিত চৰকাৰৰ মুখ্যমন্ত্ৰীও সলনি হৈছে। কিন্তু তাৰ পাছতো
    কোনো অসন্তুষ্টি তেওঁলোকে প্ৰকাশ কৰা দেখিবলৈ পোৱা হোৱা নাই। এই কঠোৰ অনুশাসন আৰু
    শক্তিশালী সাংগঠনিক গাঁঠনিয়েই বিজেপিৰ সাফল্যৰ অন্যতম কাৰণ হৈ পৰা বুলি চৰ্চা
    চলিছে। সেয়া আয়ত্ত কৰিব নোৱাৰিলে কংগ্ৰেছে বৰ বিশেষ উন্নয়ন সাধিব নোৱৰাটো স্পষ্ট
    বুলিব পাৰি। 

    mso-fareast-font-family:"Times New Roman";color:#333333;mso-ansi-language:EN-US;
    mso-fareast-language:EN-US;mso-bidi-language:AR-SA">
    mso-fareast-font-family:"Times New Roman";color:#333333;mso-ansi-language:EN-US;
    mso-fareast-language:EN-US;mso-bidi-language:AR-SA">