comScore
  • নতুনকৈ সাত কোটি ভাৰতীয় দৰিদ্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব

    ৰাজনৈতিক
    নতুনকৈ সাত কোটি ভাৰতীয় দৰিদ্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব
    ডিজিটেল ডেস্ক: বিগত এটা দশকত সমগ্ৰ বিশ্ববাসী নানান পৰিঘটনাৰ সাক্ষী হ’ল৷ ক’ভিড -১৯ ৰ পৰা ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধকে আদি কৰি আন বহু ঘটনাই অস্থিৰ কৰি তুলিছে সমসাময়িক বিশ্বক । সমান্তৰালভাৱে দেশসমূহৰ অৰ্থনৈতিক পৰিকাঠামকো প্ৰভাৱান্বিত কৰিছে এই পৰিঘটনাসমূহে৷ অৰ্থনৈতিকভাৱে উন্নত দেশসমূহে  সুপৰিকল্পনাৰে এনে পৰিস্থিতিৰ মোকাবিলা কৰিছে যদিও  দুখীয়া দেশসমূহে ইয়াৰ চৰম মূল্য ভৰিব লগীয়া হৈছে৷ এই দৰিদ্ৰ দেশসমূহতৰ মাজত অন্যতম ভাৰতবৰ্ষও ৷  চৰকাৰৰ অবিবেচক  নীতি আৰু পৰিকল্পনাই বৰ্তমান কোঙা কৰি পেলাইছে ভাৰতৰ  সাধাৰণ জনতাৰ জীৱন৷ 
                বৰ্তমান ভাৰতৰ জনসংখ্যা ১৩৮ কোটি। এই জনসংখ্যাৰ ৬৮.৮ শতাংশই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে৷ অৰ্থাৎ ,  দেশৰ দুই- তৃতীয়াংশ জনসাধাৰণেই দুখীয়া৷ দেশখনৰ অৰ্থনৈতিক দুৰৱস্থাৰ কথা বুজাবলৈ ইয়াতকৈ হয়তো উপযুক্ত উদাহৰণ নাই৷ এনে দুৰৱস্থাৰ মাজতে আন এক ভয়ংকৰ ভৱিষ্যতৰ প্ৰতিচ্ছবি প্ৰকট কৰিলে আন্তজাৰ্তিক মুদ্ৰা নিধিয়ে৷ আন্তজাৰ্তিক মুদ্ৰা নিধিৰ মুৰব্বী ক্ৰিষ্টিলিনা জিৰ্অ’জিয়েভাই বিশ্ববাসীক সতৰ্কতা জাৰি কৰি কয় যে, ২০২২ বৰ্ষটো যথেষ্ট প্ৰত্যাহ্বানমূলক হ’ব আৰু আগন্তুক ২০২৩ বৰ্ষটো অধিক সমস্যাৰে আক্ৰান্ত হ’ব ৷ইয়াৰোপৰি মুদ্ৰা নিধিৰ মুৰব্বীয়ে কয় যে, মূল্যবৃদ্ধিৰ সমস্যাটোৰ পৰা বিশ্ববাসীয়ে সহজে সকাহ পোৱাৰ সম্ভাৱনা নাই৷ মূল্যবৃদ্ধিৰ পৰিণতিত সাম্প্ৰতিক বিশ্বত দৰিদ্ৰ দেশৰ সাত কোটি লোক অতি দৰিদ্ৰত পৰিণত হ’ব বুলিও ক্ৰিষ্টিলিনাই ব্লগত দাবী কৰিছে৷ অধিকাংশ দৰিদ্ৰ দেশে পাঁচ শতাংশতকৈয়ো অধিক মূল্যবৃদ্ধিৰ সন্মুখীন হৈছে আৰু ইয়াৰ ফলত বিভিন্ন দেশত সামাজিক অস্থিৰতাই দেখা দিয়াৰ শংকা আছে বুলিও মুদ্ৰা নিধিৰ মুৰব্বী গৰাকীয়ে মন্তব্য কৰে৷ 
                আন্তজাৰ্তিক মুদ্ৰানিধিৰ মুৰব্বী ক্ৰিষ্টিলিনাই উল্লেখ কৰা সেই দৰিদ্ৰ দেশসমূহৰ তালিকাত ভাৰতবৰ্ষও আছে। চৰকাৰী নথিপত্ৰ অনুসৰি ভাৰতবৰ্ষৰ উন্নয়নশীল দেশ যদিও দৈনিক বৃদ্ধি পোৱা দৰিদ্ৰলোকৰ বৃহৎ সংখ্যাটোৱে প্ৰমাণ কৰিছে যে ইতিমধ্যে দেশখন দুখীয়া দেশলৈ অৱনমিত হৈছে৷ 
                 “ অচ্ছে দিন ” অথবা পৰিৱৰ্তনৰ সপোন দেখুৱাই শাসনলৈ অহা চৰকাৰখনে দেশৰ জনতাৰ ভাগ্য পৰিৱৰ্তন কৰিব নোৱাৰিলে৷  আনকি দেশৰ মিশ্ৰ অৰ্থনীতিৰ  ধাৰণাকো পৰিকল্পিতভাৱে তচনচ কৰি দিয়া হ’ল৷ দুখীয়া জনতাৰ ভোটেৰে গঠিত  চৰকাৰখন যে পুঁজিপতিৰ কথাত উঠা-বহা কৰে সেইয়াও শাসনলৈ অহাৰ খুব কম দিনৰ ভিতৰতে প্ৰমাণিত  হ’ল ৷ এফালে ক’ভিডৰ  এটাৰ পিছত আনটো ঢৌৱে জীৱিকা অৰ্জনৰ পথ ৰুদ্ধ কৰিলে আনফালে দুৰ্ভগীয়া জনতাৰ প্ৰতি সহমৰ্মিতা দেখুৱাৰ বিপৰীতে প্ৰায় প্ৰতিটো সামগ্ৰীতে কৰ লগোৱাত ব্যস্ত হৈ পৰিল চৰকাৰ। আনকি  কল্যাণকামী দেশৰ নাগৰিক হৈয়ো ক’ভিডকালীন সময়ছোৱাত উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈছিল জনতা। সেই সময়ছোৱাতে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ২৩.৯ শতাংশলৈ অৱনমিত হ’ল৷ স্বাধীনতাৰ পিছত  প্ৰথমবাৰলৈ ভাৰতীয় অৰ্থনীতি  আটাইতকৈ দুৰ্বল হৈ পৰিছিল৷    বহু সৰু-সৰু উদ্যোগ চিৰদিনলৈ বন্ধ হৈ যোৱাৰ বিপৰীতে বৃহৎ উদ্যোগপতি সকলৰ উপাৰ্জন বাঢ়িল। জনসাধাৰণে আশা কৰিছিল যে এনে বিপদজনক পৰিস্থিতিৰ পৰা উদ্ধাৰ হোৱাত চৰকাৰখন জনসাধাৰণৰ কাষত থিয় দিব৷ কিন্তু চৰকাৰৰ বিপৰীত ৰূপটোৱে নিৰাশ কৰিছে জনতাক। এতিয়া ভাৰতবৰ্ষত একাংশ লোকে জীয়াই থাকিবলৈকে চিন্তা কৰিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷  দৈনিক মূল্যবৃদ্ধিয়ে জীৱন দুৰ্বিসহ কৰিছে সকলোৰে৷যোৱা ১৮ জুলাইতো পুনৰ বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধি কৰা হ’ল৷ আচৰ্য্যজনক কথা এইয়ে যে, চিকিৎসালয়ৰ বিচনাৰ ওপৰতো ৫ শতাংশ কৰ লগোৱা হ’ল৷ হয়তো আমি উশাহ ল’বলৈ ব্যৱহাৰ কৰা অক্সিজেনৰ ওপৰতো চৰকাৰে কৰ লগাবলৈ বেছি দিন নাই !
             অনিয়ন্ত্ৰণ মুদ্ৰাস্ফীতিয়ে দেশলৈ আন এক সংকট কঢ়িয়াই আনিছে৷ মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণহীনতা আৰু ডলাৰৰ বিপৰীতে মুদ্ৰাৰ মূল্য হ্ৰাসে ভাৰতীয় অৰ্থনীতিক ঠেলি দিছে গভীৰ সংকটৰ মাজলৈ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতিৰ হাৰ ৬ শতাংশতকৈ বৃদ্ধি হ’বলৈ নিদিবলৈ চৰকাৰক পৰামৰ্শ দিছিল৷ সেই পৰামৰ্শকো গুৰুত্বসহকাৰে নিদিলে চৰকাৰখনে৷ এনে অৱনমিত মুদ্ৰা মূল্য আৰু বৰ্ধিত মুদ্ৰাস্ফীতিক নিয়ন্ত্ৰণ কৰিবলৈ ৰিজাৰ্ভ বেংকে সুতৰ হাৰ বৃদ্ধি কৰিব বুলিও অনুমান কৰা হৈছে৷ 
             কিন্তু এনে অৰ্থনৈতিক সংকটৰ মাজতো বহু ৰাজনৈতিক নেতা আৰু পুঁজিপতিৰ সম্পত্তিৰ তালিকাখন ক্ৰমাৎ বৃদ্ধি পোৱাটোৱে ভাবিবলৈ বাধ্য কৰিছে৷ যিসময়ত গৌতম আদানি ১১৬ বিলিয়ন সম্পত্তিৰে বিশ্বৰ চতুৰ্থজন ধনী ব্যক্তি হিচাপে স্বীকৃত হৈছে , সেই একেসময়তে ভাৰতবৰ্ষই দৰিদ্ৰতাৰ ক্ষেত্ৰত  “দৰিদ্ৰতাৰ ৰাজধানী ” খ্যাত দেশ নাইজেৰিয়াকো অতিক্ৰম কৰিছে৷ এফালে চৰকাৰে আদানিৰ ৭২,০০০ কোটি টকাৰ ঋণমাফ কৰিছে। আনফালে ঋণৰ বোজা সহিব নোৱাৰি দৈনিক ১০ জনতকৈ অধিক কৃষকে এইখন ভাৰতবৰ্ষতে আত্মহত্যা কৰে৷ গতিকে এনে পৰিস্থিতিত এটা প্ৰশ্নই উত্থাপন হৈছে -দেশখন কাৰ? চৰকাৰখন কাৰ বাবে?



    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet