• ঝুমইৰ নৃত্যত চাহ বাগানৰ সুগন্ধ আৰু সৌন্দৰ্য নিহিত হৈ আছেঃ মোদী

    ৰাজনৈতিক
    ঝুমইৰ নৃত্যত চাহ বাগানৰ সুগন্ধ আৰু সৌন্দৰ্য নিহিত হৈ আছেঃ মোদী
    ডিজিটেল ডেস্ক: মাদলৰ ছেও আৰু ঝুমইৰ ছন্দত ছন্দায়িত হ'ল সৰুসজাই। ৰঙা পাৰীৰ বগা শাড়ী পৰিহিত শিল্পীয়ে সৰুসজাইত সৃষ্টি কৰিলে এক অনবদ্য ইতিহাসৰ। ন-ৰূপেৰে প্রাণৱন্ত হৈ পৰিল ৰাজ্যৰ 'সেউজীয়া সংস্কৃতি'। মাদল-বাঁহীৰ সুমধুৰ সুৰৰ তালে তালে নাচি নাচি আঠ হাজাৰৰো অধিক চাহ বাগিচাৰ নৃত্যশিল্পীয়ে নিশাৰ বিদ্যুৎ আলোকিত পৰিৱেশত এনে এক অপূর্ব দৃশ্যৰ সৃষ্টি কৰিলে, যিটো অবিস্মৰণীয় হৈ ৰ'ব। দুশ বছৰীয়া চাহ সংস্কৃতিৰ এই বিশ্বমুখী যাত্ৰাৰ সাক্ষী হৈ ৰ'ল হাজাৰ হাজাৰ লোক। 

    উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে আয়োজন কৰা 'ঝুমইৰ বিনন্দিনী' শীর্ষক অনুষ্ঠান দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৬১খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা হাজাৰ হাজাৰ লোকে প্রত্যক্ষ কৰি অভিভূত হৈ পৰে। মুঠ ১৬ মিনিট ৩২ ছেকেণ্ডৰ এই নৃত্যৰ অনুষ্ঠান প্রাণভৰি উপভোগ কৰে প্ৰতিগৰাকী দর্শকে। অনুষ্ঠানৰ আৰম্ভণিতে প্রধানমন্ত্রী মোদীয়ে জাপি আৰু চাহ পাতেৰে সজ্জিত এখন খোলা গাড়ীত উঠি সৰুসজাই ষ্টেডিয়ামত এপাক ঘূৰে। তেওঁক সংগ দিয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। 

    সেই সময়ত ষ্টেডিয়ামৰ চৌদিশে সুধাকণ্ঠৰ কালজয়ী গীত 'অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ' শীর্ষক গীতটো বাজি থকা শুনা যায়। ডিঙিত গামোচা লৈ প্রধানমন্ত্রীয়ে নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰাসকলৰ অভিবাদন গ্রহণ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই প্ৰধানমন্ত্ৰীগৰাকীক অসমৰ চাহ, আদিবাসীসকলৰ ধনু-কাঁড় আৰু মুগাৰ গামোচাৰে সম্ভাষণ জনায়। আনহাতে মঞ্চত উঠিয়েই প্ৰধানমন্ত্ৰীগৰাকীয়ে ধমচা বজাই সকলোকে আহ্লাদিত কৰি অভিনৱ নৃত্যানুষ্ঠানটোৰ সূচনা কৰে। ঝুমইৰৰ বিশ্বমুখী যাত্ৰাৰ সাক্ষী হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়া আৰু আদিবাসীসকলৰ ভাষাত ভাষণ আৰম্ভ কৰি কয়- 'আজি উল্লাস, উৎসাহেৰে সমগ্ৰ ষ্টেডিয়াম গুঞ্জৰিত হৈ পৰিছে। 

    ঝুমইৰ নৃত্যত চাহ বাগানৰ সুগন্ধ আৰু সুন্দৰতা নিহিত হৈ আছে। চাহৰ সোৱাদ, সুগন্ধ আৰু ৰং এগৰাকী চাহৱালাৰ বাহিৰে আন কোনে বুজি পাব? চাহ আৰু ঝুমইৰৰ সৈতে আপোনালোকৰ যিদৰে সম্পৰ্ক আছে মোৰো সম্পৰ্ক আছে।' ইয়াৰ পূৰ্বে বিহুৱে বিশ্ব অভিলেখ গঢ়াৰ সময়ত অসমলৈ অহাৰ কথা ব্যক্ত কৰি তেওঁ লগতে কয় যে ২০২৩ চনত এঘাৰ হাজাৰ লোকে বিহু নৃত্যৰে ৰেকৰ্ড গঢ়িছিল। সেই দৃশ্য মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আনকি টিভিত দেখাসকলেও মোক সুধি থাকে সেই বিহুৰ কথা।' প্ৰধানমন্ত্ৰীগৰাকীয়ে এনে সাংস্কৃতিক আয়োজনৰ বাবে অসম চৰকাৰ আৰু মুখ্যমন্ত্রীক ধন্যবাদ দি লগতে কয়-'অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী মানুহৰ বাবে আজি এক গৌৰৱৰ দিন। এনে ধৰণৰ আয়োজনত অসমৰ গৌৰৱেই নহয়, ভাৰতৰ বিবিধতাও প্রকাশ পায়। 

    দেওবাৰৰ অনুষ্ঠানত বহুসংখ্যক বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি উপস্থিত থকাৰ কথা ব্যক্ত কৰি মোদীয়ে এসময়ত অসম উত্তৰ-পূবৰ বিকাশক কেন্দ্ৰীয় চৰকাৰে উপেক্ষা কৰা বুলিও মন্তব্য কৰে। তেওঁ কয়- 'এসময়ত বিকাশেই নহয় অঞ্চলটোৰ সাংস্কৃতিক দিশটোও আওকাণ কৰা হৈছিল। পিছে আজি উত্তৰ-পূবৰ সাংস্কৃতিক বেণ্ড এম্বেছেডৰ মোদী নিজেই হৈ পৰিছে। কাজিৰঙাত নিশা কটোৱা প্রথম প্রধানমন্ত্রীও ময়েই আছিলোঁ। কাজিৰঙাৰ জৈৱ বৈচিত্র্যৰ কথা বিশ্ববাসীক ময়েই অৱগত কৰিছিলোঁ।' আনহাতে কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা দিয়াৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে অসমীয়া লোকে এই স্বীকৃতিৰ বাবে দশক দশক ধৰি অপেক্ষা কৰিছিল। একেদৰে চৰাইদেউৰ মৈদামকো বিশ্ব ঐতিহ্যৰ স্বীকৃতি দিছিল বিজেপি চৰকাৰে। মোগলক হৰুৱাই অসমক ৰক্ষা কৰা লাচিত বৰফুকনৰো জন্ম জয়ন্তী পালন কৰিছিল বিজেপি চৰকাৰেই। গণৰাজ্য দিৱসতো লাচিত বৰফুকনৰ কথা দেশ- বিশ্ববাসীক জনোৱাৰ দিহা কৰা হৈছিল। ইফালে অসমৰ ৰাজ্যপালগৰাকী আদিবাসী সন্তান বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে বিজেপিয়ে জনজাতীয় সমাজৰ নায়ক-নায়িকাৰ গৌৰৱ গাথা জীয়াই ৰখাৰ বাবে মিউজিয়াম নিৰ্মাণ কৰিছে। ইফালে ৰাজ্যৰ বিজেপি চৰকাৰখনে অসমৰ বিকাশৰ লগতে চাহ জনগোষ্ঠীৰ সেৱাও কৰিছে বুলি জনাই তেওঁ কয় যে চাহ বাগিচাৰ শ্ৰমিকৰ আয় বৃদ্ধিৰ লগতে চাহ নিগমে শ্রমিকৰ বোনাছো ঘোষণা কৰিছে। গৰ্ভৱতীসকলক পোন্ধৰ হাজাৰ টকা দিয়া হৈছে, যাতে স্বাস্থ্যৰ ক্ষেত্ৰত ব্যয় কৰিব পাৰে। অসম চৰকাৰে চাহ বাগানত তিনিশতকৈও অধিক আয়ুষ্মান মন্দিৰ, শতাধিক মডেল স্কুল আৰম্ভ
    কৰিছে। 

    অনাগত দিনতো এশ নতুন মডেল স্কুল খোলা হ'ব। অ' বি চি কোটাত তিনি শতাংশ সংৰক্ষণ কৰিছে। স্বৰোজগাৰৰ বাবে ২৫ হাজাৰ টকা প্রদানেৰে সহায় কৰিছে। অসমৰ বিকাশে নতুন শিখৰ চুব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। মন কৰিবলগীয়া কথা যে ঝুমইৰ বিনন্দীয়া অনুষ্ঠানত মুঠ ২৭খন জিলাৰ ৯,৬৪৮ গৰাকী নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰে। ইয়াৰে ভিতৰত মহিলা নৃত্যশিল্পী হৈছে ৫৩৯৯গৰাকী, পুৰুষ নৃত্যশিল্পী ২,১৭৫গৰাকী আৰু বাদ্যশিল্পী হৈছে ২,০৭৪গৰাকী। ইয়াৰ পূৰ্বে কেতিয়াও একে স্থানত
    একে সময়তে ইমান বৃহৎসংখ্যক শিল্পীয়ে পৰিৱেশন কৰা নাছিল ঝুমইৰ নৃত্য। ইফালে অনুষ্ঠানত ঝুমইৰ লগতে শব্দ আৰু পোহৰৰ এক বৰ্ণিল লেজাৰ শ্ব'ও প্ৰদৰ্শন কৰা হয়।

    উৎস- দৈনিক জনমভূমি
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388judi baccarat onlineagen mix parlaysv388sabung ayam onlinecasino onlinesabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot zeussv388agen roulette onlinesv388judi baccarat onlineslot thailandsv388live casino onlinesv388live casino onlinemix parlay sbobet casino onlinesanjayausta.comppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idserver thailandrahicare.com