• হঠাতে ইউটিউব-এক্সত অভূতপূৰ্ব জনপ্ৰিয়তা ৰাহুল গান্ধীৰ! জনপ্ৰিয়তা হ্ৰাস মোদীসহ তিনি বিজেপি নেতাৰ

    ৰাজনৈতিক
    হঠাতে ইউটিউব-এক্সত অভূতপূৰ্ব জনপ্ৰিয়তা ৰাহুল গান্ধীৰ!  জনপ্ৰিয়তা হ্ৰাস মোদীসহ তিনি বিজেপি নেতাৰ
    ডিজিটেল ডেস্কঃ এতিয়া দেশত সূত্ৰপাত হৈছে এক নতুন বিতৰ্কৰ৷এই বিতৰ্কৰ কেন্দ্ৰবিন্দু সামাজিক মাধ্যম৷বিতৰ্কটোৰ বিষয়-সামাজিক মাধ্যমত কাৰ জনপ্ৰিয়তা বেছি?প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ!ইতিমধ্যে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলে এইক্ষেত্ৰত তীব্ৰ অনলাইন বাক্‌যুদ্ধ আৰম্ভ কৰিছে৷

    সাংসদ পদ ঘূৰাই পোৱাৰ পাছত সংসদত ৰাহুল গান্ধীৰ ভাষণে প্ৰধানমন্ত্ৰীৰ মোদীৰৰ ভাষণতকৈ অধিক দৰ্শক লাভ কৰা বুলি কংগ্ৰেছে দাবী কৰিছে৷এই দাবী কৰি কংগ্ৰেছে সংসদ টিভিৰ ইউটিউব চেনেলত ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী মোদীৰ ভিডিঅ’ত দৰ্শকৰ সংখ্যাৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে।কংগ্ৰেছৰ মতে সামাজিক মাধ্যমত নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্ৰাস পাইছে৷
    ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী মোদীৰ টুইট সন্দৰ্ভতো তুলনামূলক তথ্য প্ৰকাশ কৰি কংগ্ৰেছে।কংগ্ৰেছ দলৰ ছ’চিয়েল মিডিয়া টীমৰ মতে, ৰাহুল গান্ধীৰ আগষ্ট মাহৰ মাজভাগলৈকে দিয়া ৩০টা টুইটে ৪ কোটি ৮১ লাখ ইম্প্ৰেছন লাভ কৰাৰ বিপৰীতে একে সময়লৈকে মোদীৰ শেষৰ ৩০টা টুইটে ২ কোটি ১৫ লাখ  ইম্প্ৰেছন লাভ কৰিছে।


    এই পোষ্টৰ প্ৰত্যুত্তৰত বিজেপিয়ে জনোৱা মতে, এক্সত (পূৰ্বতে টুইটাৰ নামেৰে জনাজাত) প্ৰধানমন্ত্ৰী মোদীৰ একাউণ্টত জুলাই মাহত ৭৯.৯ লাখ এংগেজমেণ্ট পোৱাৰ বিপৰীতে ৰাহুল গান্ধীৰ একাউণ্টত প্ৰায় ২৩.৪৩ লাখ এংগেজমেণ্ট পোৱা গৈছে।ফেচবুকত প্ৰধানমন্ত্ৰী মোদীৰ একাউণ্টত বিগত এমাহত প্ৰায় ৫৭.৮৯ লাখ এংগেজমেণ্ট পোৱাৰ বিপৰীতে ৰাহুল গান্ধীৰ একাউণ্টত প্ৰায় ২৮.৩৮ লাখ এংগেজমেণ্ট পোৱা বুলি বিজেপিয়ে জনায়।