ডিজিটেল ডেস্ক :২০২৪ চনলৈ আৰু মাত্ৰ দুই বছৰ। আৰু দুবছৰৰ পাছতে দেশজুৰি আৰম্ভ হ’ব নিৰ্বাচনমুখৰ পৰিৱেশ। সম্প্ৰতি শাসনাধিষ্ঠ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে তিনিটা বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। সাধাৰণতে ভাৰতীয় ৰাজনৈতিক ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে এবাৰ শাসনলৈ অহা ৰাজনৈতিক দলটোৱেই দীৰ্ঘ সময় ধৰি শাসনত খোপনি পুতি ৰয়, বিৰোধী দল সমূহ হৈ পৰে তেনেই দুৰ্বল। ভাৰতৰ এই বিশেষ ৰাজনৈতিক পৰম্পৰাৰ পৰিৱেশ বৰ্তমান সময়তো স্পষ্ট ৰূপত প্ৰকাশ পাইছে। শাসনাধিষ্ঠ বিজেপি দলৰ শক্তিশালী স্থিতি চকুত লগাকৈ স্পষ্ট।
এনে অৱস্থাত বিজপিক ক্ষমতাৰ পৰা আঁতৰাব পৰাকৈ বিৰোধী দলসমূহৰ যে শক্তি আছে, সেই আশা ক্ষীণ। তথাপি ২৪ ৰ নিৰ্বাচনলৈ লক্ষ্য ৰাখি কুচকাৱাজ আৰম্ভ কৰিছে বিৰোধী দলসমূহে। গুৰুত্বপূৰ্ণভাৱে এই কুচকাৱাজত এইবাৰ বিশেষভাৱে আগবাঢ়ি আছে কেইটামান আঞ্চলিক ৰাজনৈতিক দল। কিন্তু নিৰ্বাচনী আখৰাত নামি পৰিলেও বিৰোধী দলসমূহৰ মাজত নাই কোনো বুজাবুজি। দ্বিতীয়-তৃতীয় মৰ্চাৰ চৰ্চাই বিৰোধী দলসমূহৰ আখৰাত গা কৰি উঠিছে। এইখিনিতে চাও আহক বৰ্তমান দেশৰ বিৰোধী দলসমূহ কেনেধৰণে বিভক্ত হৈ আছে।
এই বিৰোধী দলসমূহৰ কোনসমূহে নিজকে তৃতীয় শক্তি হিচাপে পৰিচয় দাঙি ধৰি আহিছে? সাধাৰণতে দেশৰ বিজেপিবিৰোধী ৰাজনৈতিক দল হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছকে জনা যায়। দশক দশক ধৰি কংগ্ৰেছে বিজেপিৰ ধৰ্মীয় ৰাজনীতিৰ বিৰোধ কৰি আহিছে। কিন্তু বৰ্তমান কংগ্ৰেছৰ অৱস্থা শোচনীয়। এজন এজনকৈ জ্যেষ্ঠ নেতাই কংগ্ৰেছ ত্যাগ কৰিছে। দেশৰ বহুকেইটা আঞ্চলিক শক্তিৰ লগতো কংগ্ৰেছৰ সম্পৰ্ক আশানুৰূপ নহয়। গান্ধী পৰিয়ালকেন্দ্ৰীক দল হৈ পৰিছে কংগ্ৰেছ।
২০২৪ চনত বিজেপিক হৰুৱাবলৈ হ’লে ৰাহুল গান্ধীৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা বৃ্দ্ধি পাব লাগিব। কিন্তু চৰকাৰীপক্ষৰ প্ৰপাগাণ্ডামতে গান্ধীক পাপ্পু সজাই থোৱা হৈছে। ইয়াৰ বাবে খৰচ কৰা হৈছে কোটি কোটি টকা। দেশৰ শেহতীয়া বিধানসভা নিৰ্বাচনসমূহেও নকয় যে কংগ্ৰেছক ৰাইজে আদৰি লৈছে। ৰাজ্যসমূহত শক্তিশালী বিৰোধীৰ ভূমিকা ল’ব পৰা নাই কংগ্ৰেছে। ইয়াৰ বিপৰীতে বিজেপিৰ শক্তিশালী বিৰোধী শাসনত থকা ৰাজ্যসমূহত কংগ্ৰেছ শাসনত নাই। আছে তৃণমূল কংগ্ৰেছ, আম আদমী পাৰ্টিকে ধৰি প্ৰগতিশীল আৰু আঞ্চলিক ভাৱাপন্ন দলসমূহ।
এই দলসমূহৰ উত্থানৰ ফলতে তৃতীয় শক্তিৰ ধাৰণাৰ অৱতাৰণা কৰা হৈছে। যদি কংগ্ৰেছ বিজেপিবিৰোধী দ্বিতীয় শক্তি, তেন্তে তৃণমূল কংগ্ৰেছ, আপ ইত্যাদি তৃতীয় শক্তি। এনেধৰণৰ এটা বাকধাৰাৰ সৃষ্টি কৰা হৈছে। উল্লেখযোগ্য যে বিজেপিবিৰোধী শক্তি হিচাপে বৰ্তমান কংগ্ৰেছ নহয়, বৰঞ্চ আম আদমী পাৰ্টিৰহে উত্থান হ’ব ধৰিছে। শেহতীয়াকৈ পঞ্জাৱৰ ক্ষমতা দখল কৰাৰ পাছত এই উত্থানে তড়িৎ গতি লাভ কৰিছে। আনকি গুজৰাটতো দলটোৱে খোপনি পুতিবলৈ সক্ষম হৈছে।
বিজেপিৰ ধৰ্মীয় ৰাজনীতিৰ বিপৰীতে দিল্লীত আপৰ উন্নয়নৰ ৰাজনীতিয়েই ইয়াৰ মূল কাৰণ। সেইবাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰসূৰী হিচাপে অৰবিন্দ কেজৰিৱালৰ নাম উচ্চাৰিত হ’ব ধৰিছে। কিন্তু ২০২৪ চনৰ বাবে এয়া পৰ্যাপ্ত হয়নে নহয়, সেয়া সময়ে ক’ব।
এসময়ৰ বাওঁপন্থী দূৰ্গস্বৰূপ পশ্চিম বংগত তিনিবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ অহা মমতা বেনাৰ্জীৰ শেহতীয়া লক্ষ্য হৈছে দিল্লী দখল। সম্প্ৰতি ৰাষ্ট্ৰীয় নেতা হিচাপে আত্মপ্ৰকাশ কৰাৰ জোৰদাৰ প্ৰচেষ্টা চলাইছে বেনাৰ্জীয়ে। ইতিমধ্যে ইয়াৰ প্ৰস্তুতিও পূৰ্ণোদ্যমে অব্যাহত ৰাখিছে তেওঁ। কংগ্ৰেছৰ স’তেও তীব্ৰ বাক্যবাণত লিপ্ত হৈছে মমতাই। গোৱা, উত্তৰপূবৰ মেঘালয়, ত্ৰিপুৰাকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত মমতাৰ তৃণমূল কংগ্ৰেছে খোপনি পুতিছে। এইসমূহে আত্মবিশ্বাসী কৰি তুলিছে মমতাক। সেইবাবেই তেওঁৰ নেতৃত্বত ২০২৪ চনৰ নিৰ্বাচনত বিজেপি বিৰোধী দলসমূহে অৱতীৰ্ণ হ’ব বুলি সমৰ্থকসকলে আশা প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী হ’বলৈ মন মেলা আন এজন বিজেপিবিৰোধী দাবীদাৰ হৈছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, চমুকৈ কেচিআৰ। যোৱা কিছু দিন ধৰি কেচিআৰে দেশজুৰি নিজৰ প্ৰচাৰ আৰম্ভ কৰি আহিছে। লগ ধৰিছে ইজনৰ পাছত সিজনকৈ বিজেপিবিৰোধী মুখ্যমন্ত্ৰীক। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰতি বিষোদ্গাৰ প্ৰকাশ কৰি আহিছে তেওঁ। মমতা, কেজৰিৱালৰ দৰে দেশজুৰি জনপ্ৰিয় নহ’লেও নিজৰ ৰাজনৈতিক লক্ষ্যত অটল আছে কেচিআৰ।
উল্লেখযোগ্য যে বৰ্তমান দেশৰ কেইবাখনো ৰাজ্যত বিৰোধী দলৰ চৰকাৰ আছে। এই ৰাজ্যসমূহ দেশৰ ভিতৰতে উন্নত আৰু প্ৰভাৱশালী। মহাৰাষ্ট্ৰ, পশ্চিম বংগ, কেৰেলা, তামিলনাডু, পাঞ্জাৱ, দিল্লী, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ডৰ দৰে ৰাজ্যসমূহত বিজেপিবিৰোধী দল শাসনাধীষ্ঠ হৈ আছে। বহুকেইটা ৰাজনৈতিক দলে এই ৰাজ্যসমূহৰ পৰাই পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী পচন্দ কৰি আহিছে। বিশেষকৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই শেহতীয়াকৈ বিজেপিৰ বিৰুদ্ধে এক শক্তিশালী স্থিতি গ্ৰহণ কৰি আহিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টালিনেও গ্ৰহণ কৰিছে এক শক্তিশালী স্থিতি।
কংগ্ৰেছৰ ৰাহুল গান্ধীৰ বিপৰীতে বৃদ্ধি পাইছে মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱালৰ গ্ৰহণযোগ্যতা। কিন্তু মমতা-কেজৰিৱাল এতিয়াও দেশৰ তৃতীয় বিকল্প হিচাপেই ৰাজনৈতিক অৱস্থান কৰিছে। বৰ্তমানলৈকে তেওঁলোকে কংগ্ৰেছৰ স’তে মিত্ৰতা কৰা নাই, বৰঞ্চ প্ৰবল বিৰোধহে কৰি আহিছে।
বিৰোধী দলসমূহৰ এই বিভাজিত স্থিতিৰ মাজতে ৰাজনৈতিক কৌশলীবিদ প্ৰশান্ত কিশোৰে কিছুদিন পূৰ্বে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। প্ৰশান্ত কিশোৰে কৈছিল যে দেশৰ পৰা বিজেপিক উৎখাত কৰিবলৈ হ’লে তৃতীয় পক্ষ নহয়, দ্বিতীয় পক্ষ শক্তিশালি হ’ব লাগিব। কোনো তৃতীয় পক্ষই বিজেপিক পৰাভূত কৰিব নোৱাৰে বুলি তেওঁ বিশ্বাস কৰে। প্ৰশান্ত কিশোৰৰ এই মন্তব্যৰ তাৎপৰ্য নথকা নহয়। শেহতীয়া কিছু বছৰত তেওঁৰ ৰাজনৈতিক কূট কৌশলে ভাৰতীয় ৰাজনীতিত এক বিশেষ স্থান দখল কৰিছে। সেয়ে কিশোৰৰ মন্তব্যৰ দৰেই সঁচাকৈয়ে, বিজেপিক হৰুৱাবলৈ হ’লে দ্বিতীয় পক্ষ শক্তিশালী হ’বই লাগিব নেকি? যদি মমতা, কেজৰিৱালৰ স’তে ২০২৪ চনলৈকে কংগ্ৰেছৰ বুজাবুজি নহয়, তেন্তে কি হ’ব? বিৰোধীৰ মাজত থকা এইসমূহ বিভাজনে বিজেপিক লাভান্বিতহে কৰিব নেকি? সেয়া লক্ষ্যণীয় বিষয় হৈ পৰিছে।
Leave A Comment