ডিজিটেল ডেস্কঃ ৩ ডিচেম্বৰত মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, তেলেংগানা আৰু মিজোৰাম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব। আজি বিভিন্ন জৰীপ সংস্থাসমূহে এক্সিট পোল ঘোষণা কৰিছে।
এবিপি নিউজ-চি ভোটাৰৰ এক্সিট প’ল অনুসৰি ছত্তীশগড়ত কংগ্ৰেছ আৰু বিজেপিৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ’ব। ইয়াত বিজেপিয়ে ৩৬ৰ পৰা ৪৮খন আসন পাব বুলি দাবী কৰা হৈছে। আনহাতে কংগ্ৰেছে ৪১ৰ পৰা ৫৩খন আসন লাভ কৰিব পাৰে। আনহাতে অন্যান্যসমূহে ০ৰ পৰা ৪ খন আসন পাব পাৰে।
ABPৰ এক্সিট প’ল অনুসৰি মধ্যপ্ৰদেশত কংগ্ৰেছে ১১৩-১৩৭খন, বিজেপিয়ে ৮৮-১১২খন আৰু আনসকলে ২-৮খন আসন লাভ কৰিব পাৰে। ৰাজস্থানৰ ১৯৯খন আসনৰ ভিতৰত কংগ্ৰেছে ৭১-৯১খন, বিজেপিয়ে ৯৪-১১৪খন আসন আৰু আন কিছুমানে ৯-১৯খন আসন লাভ কৰিব পাৰে। আনহাতে মিজোৰামত এম এন এফে ১৫-২১খন, জেড পি এমত ১২-১৮খন, কংগ্ৰেছে ২-৮খন আসন আৰু আন কিছুমানে ০-৫খন আসন পোৱা বুলি অনুমান কৰা হৈছে।
ইণ্ডিয়া টুডে-এক্সিছ মাই ইণ্ডিয়াৰ এগজিট প’ল অনুসৰি ছত্তীশগড়ত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে। এই সমীক্ষাৰ তথ্য অনুসৰি ৰাজ্যৰ ৯০খন আসনৰ ভিতৰত কংগ্ৰেছে ৪০-৫০খন আসন লাভ কৰিব পাৰে। একে সময়তে বিজেপিয়ে ৩৬-৪৬খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে।
ইণ্ডিয়া টিভি-চিএনএক্সৰ এক্সিট প’ল অনুসৰি জোৰামথাংগাৰ মিজো নেশ্যনেল ফ্ৰণ্টে মিজোৰামত ১৪-১৮খন আসন লাভ কৰিব পাৰে। ইয়াত কংগ্ৰেছে ৮-১০ খন আসন পাব পাৰে, জেড পি এম য়ে ১২-১৬ খন আসন পাব পাৰে, বিজেপিয়ে ০-২ খন আসন পাব পাৰে। এই সমীক্ষাৰ তথ্য অনুসৰি ছত্তীশগড়ত বিজেপিয়ে ৪১ শতাংশ ভোটৰ অংশীদাৰিত্ব লাভ কৰাৰ সম্ভাৱনা আছে আৰু কংগ্ৰেছে মুঠ ৪৩ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে। একে সময়তে আসনৰ ক্ষেত্ৰত ছত্তীশগড়ত বিজেপিয়ে ৩০-৪০ খন, কংগ্ৰেছে ৪৬-৫৬ খন আসন আৰু আন কিছুমানে ৩-৫ খন আসন পাব বুলি অনুমান কৰা হৈছে।
একেটা সমীক্ষাৰ তথ্য অনুসৰি তেলেংগানাত বি আৰ এছে ৩১-৪৭খন, কংগ্ৰেছে ৬৩-৭৯খন, বিজেপিয়ে ২-৪খন আৰু এআইএমআইএমৰ ৫-৭খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে। আনহাতে মিজোৰামত এম এন এফে ১৪-১৮খন, জেড পি এমত ১২-১৬খন, কংগ্ৰেছে ৮-১০খন আৰু বিজেপিয়ে ০-২খন আসন পোৱা বুলি অনুমান কৰা হৈছে।
টাইমছ নাও-ইটিজিৰ এক্সিট প’লৰ তথ্য অনুসৰি ৰাজস্থানত বিজেপি চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা আছে। এই সমীক্ষাৰ তথ্য অনুসৰি ৰাজস্থানত বিজেপিয়ে ১০৮ৰ পৰা ১২৮খন, কংগ্ৰেছে ৫৬ৰ পৰা ৭২খন আসন আৰু অন্যান্যসকলে ১৩ৰ পৰা ২১খন আসন লাভ কৰিব পাৰে। এই সমীক্ষাৰ তথ্য অনুসৰি ছত্তীশগড়ত বিজেপিয়ে ৩২ৰ পৰা ৪০খন আৰু কংগ্ৰেছে ৪৮ৰ পৰা ৫৬খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে। একেটা সমীক্ষা অনুসৰি মিজোৰামত এম এন এফে ১৪-১৮খন, জেড পি এমৰ ১০-১৪খন, কংগ্ৰেছে ৯-১৩খন আৰু বিজেপিয়ে ০-২খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।
জন কী বাতৰ এক্সিট প’ল অনুসৰি মধ্যপ্ৰদেশত বিজেপিয়ে ৯৫ৰ পৰা ১১৫খন আসন আৰু কংগ্ৰেছে ১০৫ৰ পৰা ১২০খন আসন লাভ কৰিব পাৰে। সমীক্ষাৰ তথ্য অনুসৰি ছত্তীশগড়ত বিজেপিয়ে ৩৪-৪৫খন আৰু কংগ্ৰেছে ৪২-৫৩খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে। ৰাজস্থানত বিজেপিয়ে ১০০-১২২খন আৰু কংগ্ৰেছে ৬২-৮৫খন আসন লাভ কৰিব পাৰে। এই সমীক্ষাৰ তথ্য অনুসৰি তেলেংগানাত বি আৰ এছে ৪০-৫৫ খন, কংগ্ৰেছে ৪৮-৬৪ খন, বিজেপিয়ে ৭-১৩ খন আৰু এ আই এম আই এম ৪-৭ খন আসন লাভ কৰিব পাৰে। আনহাতে মিজোৰামত জন কী বাতৰ সমীক্ষাৰ তথ্য অনুসৰি এম এন এফে ১০-১৪খন আসন, জে পি এমৰ ১৫-২৫খন আসন, কংগ্ৰেছে ৫-৯খন আসন আৰু বিজেপিয়ে ০-২খন আসন লাভ কৰিব পাৰে।
নিউজ ২৪-ৰ এক্সিট প’ল অনুসৰি মধ্যপ্ৰদেশত বিজেপিয়ে ১৫১খন আৰু কংগ্ৰেছে ৭৪খন আসন লাভ কৰিব পাৰে। এই সমীক্ষাৰ তথ্য অনুসৰি ছত্তীশগড়ত বিজেপিয়ে ৩৩খন আৰু কংগ্ৰেছে ৫৭খন আসন লাভ কৰিব পাৰে।
টিভি ৯ ভাৰতবৰ্ষ-পলষ্ট্ৰাটৰ এক্সিট প’ল অনুসৰি মধ্যপ্ৰদেশত বিজেপিয়ে ১০৬-১১৬খন আৰু কংগ্ৰেছে ১১১-১২১খন আসন লাভ কৰিব পাৰে। এই সমীক্ষাৰ তথ্য অনুসৰি ৰাজস্থানত বিজেপিয়ে ১০০-১১০খন আৰু কংগ্ৰেছে ৯০-১০০খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে। একে সময়তে ছত্তীশগড়ত বিজেপিয়ে ৩৫-৪৫খন আসন আৰু কংগ্ৰেছে ৪০-৫০খন আসন লাভ কৰিব পাৰে। তেলেংগানাত বি আৰ এছে ৪৮-৫৮ খন, কংগ্ৰেছে ৪৯-৫৯ খন, বিজেপি+ ৫-১০ খন আৰু এ আই এম আই এম ৬-৮ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে।
ৰিপাব্লিক টিভি-মেট্ৰিছৰ এগজিট প’ল অনুসৰি মধ্যপ্ৰদেশত বিজেপিয়ে ১১৮-১৩০খন আৰু কংগ্ৰেছে ৯৭-১০৭খন আসন লাভ কৰিব পাৰে। ছত্তীশগড়ত বিজেপিয়ে ৩৪-৪২খন আৰু কংগ্ৰেছে ৪৪-৫২খন আসন লাভ কৰিব পাৰে। তেলেংগানাত বি আৰ এছে ৪৬-৫৬ আসন, কংগ্ৰেছে ৫৮-৬৮ আসন, বিজেপিয়ে ৪-৯ আসন আৰু এ আই এম আই এমে ৫-৭ আসন লাভ কৰাৰ সম্ভাৱনা আছে।
দৈনিক ভাস্কৰৰ এক্সিট প’ল অনুসৰি মধ্যপ্ৰদেশত বিজেপিয়ে ৯৫-১১৫খন আৰু কংগ্ৰেছে ১০৫-১২০খন আসন লাভ কৰিব পাৰে। এই সমীক্ষাৰ তথ্য অনুসৰি ছত্তীশগড়ত বিজেপিয়ে ৩৫-৪৫খন আসন আৰু কংগ্ৰেছে ৪৬-৫৫খন আসন লাভ কৰিব পাৰে।
পি-মাৰ্কৰ এক্সিট প’ল অনুসৰি ৰাজস্থানত বিজেপিয়ে ১০৫-১২৫খন আৰু কংগ্ৰেছে ৬৯-৯১খন আসন লাভ কৰিব পাৰে।
Leave A Comment