ডিজিটেল ডেস্কঃ ভাৰতৰ নিৰ্বাচন আয়োগে (ই চি আই) প'লিং বুথ অনুযায়ী ভোটাৰৰ সংখ্যাৰ ডাটা ইয়াৰ ৱেবছাইটত আপল'ড কৰাৰ বাবে আৱেদনকাৰীয়ে জনোৱা আৱেদনত সন্মতি প্রকাশ কৰি উচ্চতম ন্যায়ালয়ত মঙলবাৰে ইয়াৰ মত দাখিল কৰে।
উচ্চতম ন্যায়ালয়ে এই সন্দর্ভত আৱেদনকাৰীসকলক ১০ দিনৰ ভিতৰত নিৰ্বাচন আয়োগৰ ওচৰত তেওঁলোকৰ মতামত দাখিল কৰিবলৈ নির্দেশ দিয়ে। গণতান্ত্রিক সংস্কাৰৰ বাবে ২০১৯ চনত টি এম চিৰ সাংসদ মহুৱা মৈত্ৰ আৰু এন জি অ' সংস্থাই দাখিল কৰা দুখন ৰাজহুৱা স্বার্থজড়িত আৱেদনৰ (পি আই এল) শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু কে ভি বিশ্বনাথনৰে গঠিত পীঠখনে মঙলবাৰে এইদৰে কয়।
উল্লেখযোগ্য যে পি আই এলখনত আৱেদন জনোৱা হৈছিল যে লোক সভা আৰু বিধানসভাৰ নির্বাচনত প'লিং বুথ অনুযায়ী ভোটাৰৰ সংখ্যা ৪৮ ঘণ্টাৰ ভিতৰত নিৰ্বাচন আয়োগে ইয়াৰ ৱেবছাইটত আপল'ড কৰিব লাগে।
উৎস- দৈনিক জনমভূমি
Leave A Comment