comScore
  • ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰস্তুতিৰ বিপৰীতে কংগ্ৰেছ ব্যস্ত আত্মঘাতী কাৰ্যত

    ৰাজনৈতিক
    ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰস্তুতিৰ বিপৰীতে কংগ্ৰেছ ব্যস্ত আত্মঘাতী কাৰ্যত
    ডিজিটেল ডেস্কঃ কথাতে আছে একালৰ বৃন্দাবন একালত পৰে চন। দেশক ৬ গৰাকীকৈ প্ৰধানমন্ত্ৰী উপহাৰ দিয়া প্ৰাচীন তথা সৰ্ববৃহৎ দল কংগ্ৰেছৰো যেন এতিয়া একে অৱস্থাই হৈছে। দেশৰ পাঁচখনকৈ ৰাজ্যত শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ লগতে বিভিন্ন ৰাজ্যৰ নিকায়-নিগমৰ নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শনে দলটোৰ প্ৰতি নমাই আনিছে অস্তিত্বৰ সংকট। নেতৃত্বৰ অভাৱতে হওক বা আন কোনো কাৰণতে হওক দলটোৱে যেন পলে পলে মৃত্যুৰ ক্ষণ গণিছে। ভাৰতৰ ৩০খন ৰাজ্যৰ মাত্ৰ দুখনতহে কিবাকৈ নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ হোৱা কংগ্ৰেছৰ শনিৰ দশা এতিয়া অসমতো চলিছে।

    আগৰ কথা বাদ দিলেও বিজেপি মিত্ৰজোঁটৰ চৰকাৰ অহাৰ পূৰ্বে কংগ্ৰেছে অসমক সুদীৰ্ঘ ১৫ বছৰ ধৰি শাসন কৰিছিল। পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি বিধানসভাৰ নিৰ্বাচনলৈ সৌসিদিনালৈ কংগ্ৰেছে দপদপাই আছিল। কিন্তু অসমত এতিয়া সেই পৰাক্ৰমী কংগ্ৰেছৰেই লাওলোৱা অৱস্থা। পূৰ্বৰ শাসনকালত কংগ্ৰেছৰ একাংশ মন্ত্ৰী-বিধায়কে কৰা অবাধ দুৰ্নীতি, অনিয়মৰ প্ৰত্যুত্তৰ হিচাবে অসমৰ ৰাইজে কংগ্ৰেছক ওফৰাই বিজেপিক একেৰাহে দুবাৰলৈ শাসনৰ গাদীত থাপিছে। বিগত বিধানসভা নিৰ্বাচনৰ কথা বাদ দিলেও শেহতীয়াকৈ অনুষ্ঠিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে মহানগৰবাসীয়ে কংগ্ৰেছলৈ সমূলি পিঠি দিছে। গুৱাহাটী পৌৰ নিগমৰ ৬০ খন আসনৰ ভিতৰত এসময়ৰ মহাপ্ৰতাপী কংগ্ৰেছে এখনো আসন দখল কৰিবলৈ সক্ষম নহ’ল।

    ইয়াৰ বিপৰীতে ৰাজ্যত কিছু বছৰ আগলৈকে বিশেষ কোনো প্ৰভাৱ নথকা বিজেপি মিত্ৰজোঁটে ৬০টা ৱাৰ্ডৰ ভিতৰত ৫৮ টাই নিজৰ দখললৈ আনি কংগ্ৰেছৰ অস্তিত্বক একেবাৰে নোহোৱা কৰি পেলাইছে। তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নোহোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত নামিয়েই আম আদমী পাৰ্টীয়ে ১১ শতাংশ ভোটলাভেৰে এখন আসনত জয়লাভ কৰিছে। বিগত দুটা বিধানসভা নিৰ্বাচনৰ ফলাফল পৰ্যালোচনা কৰিলে দেখা যায় যে জালুকবাৰী, দিছপুৰ, পূব  গুৱাহাটী আৰু পশ্চিম গুৱাহাটী সমষ্টিত ২০২১ আৰু ২০১৬ চনত বিজেপিৰ উত্থান ঘটাৰ বিপৰীতে কংগ্ৰেছৰ পতন ঘটিছে।

    উক্ত চাৰিওখন আসনতে বিগত দুটা বিধানসভা নিৰ্বাচনত বিজেপিয়ে প্ৰায় ৬০ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ভোটৰ অংশ হৈছে ২৫ শতাংশ বা তাতোকৈ কম। আনকি ২০১৯ আৰু ২০১৪ চনৰ লোকসভা নিৰ্বাচনতো, এই চাৰিখন আসনত কংগ্ৰেছৰ ভোটৰ অংশ ৩০ শতাংশৰ তলত আছিল। ২০১৪, ২০১৬, ২০১৯ আৰু ২০২১ৰ একেৰাহে চাৰিটা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে গুৱাহাটীত সঠিক যুঁজ দিয়াত ব্যৰ্থ হৈছে। একেই ছবি ৰাজ্যৰ গৰিষ্ঠসংখ্যক সমষ্টিতে পৰিস্ফূট হৈছে। বিগত বিধানসভা নিৰ্বাচনসমূহত কংগ্ৰেছৰ ভোটৰ অংশ সামগ্ৰীকভাৱে প্ৰায় ২২ শতাংশ হ্ৰাস পোৱাৰ লগতে  পৌৰ নিৰ্বাচনত প্ৰায় ১৪ শতাংশ হ্ৰাস পাইছে। উজনি অসম আৰু গুৱাহাটীত কংগ্ৰেছ দুৰ্বল হৈ পৰাৰ লগতে বড়োলেণ্ডতো দলটোৰ অস্তিত্ব প্ৰায় নোহোৱা হৈ পৰিছে। নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকাত সামান্য প্ৰভাৱ থকা কংগ্ৰেছে অৱশ্যে পূৰ্বৰ সেই শক্তি পুনৰ আহৰণৰ বাবে কোনো কথা যেন চিন্তা কৰা।

    আপাততঃ শেহতীয়া ঘটনাক্ৰমে তাৰেই উমান দিছে। অহমিকাবোধ আৰু আভ্যন্তৰীণ কন্দলৰ মাজৰেই অসমত এতিয়া কংগ্ৰেছ দল পৰিচালিত হৈ আছে। ফলত দলটোৰ পৰা ইজনৰ পাছত সিজনকৈ প্ৰভাৱশালী নেতাই শিবিৰ সলাই বিজেপিত যোগদান কৰিছে। অজন্তা নেওঁগ, ৰূপজ্যোতি কুৰ্মীকে ধৰি প্ৰভাৱশালী নেতাসকল কংগ্ৰেছৰ পৰা আঁতৰি যোৱাৰ ফলত সেইসকল নেতাৰ সংশ্লিষ্ট সমষ্টিসমূহত কংগ্ৰেছে জয়লাভৰ কথা সপোনতো ভাবিব নোৱাৰা হৈ পৰিছে। ইয়াৰ মাজতে কংগ্ৰেছৰ এসময়ৰ প্ৰতাপী মন্ত্ৰী নীলমণি সেনা ডেকাক দলৰ পৰা বহিষ্কাৰ কৰি কংগ্ৰেছে পুনৰ শক্তিৰ অপচয়  কৰিলে  বুলি বিভিন্ন মহলত চৰ্চা হৈছে। যিটো সময়ত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে কঁকালত টঙালি বান্ধিছে সেই সময়তে কংগ্ৰেছ ব্যস্ত আছে আভ্যন্তৰীণ কন্দল আৰু নেতা বহিষ্কাৰৰ দৰে আত্মঘাতী কামত।

    জানিব পৰা মতে ২৪, ২৫ মে’ত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰিবলৈ অনুষ্ঠিত হ’ব অসম বিজেপিৰ  ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক। অথচ কংগ্ৰেছৰ বাবে আজিৰ তাৰিখত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি বৈঠক অনুষ্ঠিত কৰাটো পৰ্বতত কাছ কণী বিচৰাৰ দৰেই কথা হৈ আছে। দলটোৱে আজিও আভ্যন্তৰীণ সংকোচ মোচন কৰি পুনৰ ঠন ধৰি উঠাৰ কোনো লক্ষণেই প্ৰকট হোৱা নাই। দলটোৱে আত্ম বিশ্লেষণৰ সলনি আত্মঘাতী কাৰ্যতহে যেন অধিক গুৰুত্ব দিছে। এসময়ত নেতা-কৰ্মীৰে ঠাহ খাই থকা ৰাজীৱ ভৱন আজি নিতাল-নিস্তব্ধ, কেৱল প্ৰেছ বিবৃতিৰ মাজতেই যেন জীয়াই আছে একালৰ মহাপ্ৰতাপী দল কংগ্ৰেছ।
    indojawa88slot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet