• ‘যদি দ্ৰৌপদী ৰাষ্ট্ৰপতি তেন্তে পাণ্ডৱ কোন?’; দ্ৰৌপদী মূৰ্মুৰ বিৰুদ্ধে টুইট কৰি বিপদত কোন চলচ্চিত্ৰ পৰিচালক?

    ৰাজনৈতিক
    ‘যদি দ্ৰৌপদী ৰাষ্ট্ৰপতি তেন্তে পাণ্ডৱ কোন?’; দ্ৰৌপদী মূৰ্মুৰ বিৰুদ্ধে টুইট কৰি বিপদত কোন চলচ্চিত্ৰ পৰিচালক?
    ডিজিটেল ডেস্কঃ এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মু সন্দৰ্ভত ৰাম গোপাল বৰ্মাই টুইট কৰি এক বিতৰ্কৰ সৃষ্টি কৰিছে। ২৪ জুন শুকুৰবাৰে হায়দৰাবাদ আৰক্ষীয়ে জনোৱা মতে, চলচ্চিত্ৰ পৰিচালক ৰাম গোপাল বৰ্মাই দ্ৰৌপদী মূৰ্মুৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে শীঘ্ৰেই অপৰাধমূলক গোচৰ ৰুজু কৰা হ’ব। 

    তেলেংগানাৰ জ্যেষ্ঠ ভাৰতীয় জনতা পাৰ্টীৰ নেতা জি নাৰায়ণ ৰেড্ডীয়ে থানাত এজাহাৰ দাখিল কৰি দাবী কৰিছে যে ৰাম গোপাল বৰ্মাই টুইটাৰত এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মুৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল।

    আৰক্ষী পৰিদৰ্শক বি প্ৰসাদ ৰাওৱে জনায়, ‘আমি অভিযোগ পাইছো, যিটো আমি আইনী মতামতৰ বাবে প্ৰেৰণ কৰিছো। আইনী মতামত লাভ কৰাৰ পিছত আমি ৰাম গোপাল বৰ্মাৰ বিৰুদ্ধে ‘অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইন’ৰ অধীনত গোচৰ ৰুজু কৰিম।

    ৰাম গোপাল বৰ্মাই টুইট কৰি কৈছিল যে, ‘যদি দ্ৰৌপদী ৰাষ্ট্ৰপতি তেন্তে পাণ্ডৱ কোন? আৰু তাতোকৈ ডাঙৰ কথাটো হ’ল কৌৰৱসকল কোন? প্ৰমাণ হিচাপে বিজেপি নেতাজনে টুইটটো আৰক্ষীক অৰ্পণ কৰিছে।

    ইফালে, জি নাৰায়ণ ৰেড্ডীয়ে আৰক্ষীক অনুসূচিত জাতি / জনজাতি আইনৰ অধীনত গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাইছে। ৰাম গোপাল বৰ্মাক কঠোৰতম শাস্তি প্ৰদানৰো দাবী জনায় ৰেড্ডীয়ে। আইনী মতামত লাভ কৰাৰ পাছত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইফালে, এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে এনে মন্তব্য কৰা ৰাম গোপাল বৰ্মাৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছে বিজেপিৰ বিধায়ক টি ৰাজা সিঙে।