• নতুন ৰাষ্ট্ৰপতি সন্ধানত দিল্লী! শাসক-বিৰোধীৰ তৎপৰতা অব্যাহত

    ৰাজনৈতিক
    নতুন ৰাষ্ট্ৰপতি সন্ধানত দিল্লী! শাসক-বিৰোধীৰ তৎপৰতা অব্যাহত

    ডিজিটেল ডেস্কঃ আৰম্ভ হ’ল জল্পনা-কল্পনা। কোন হব দেশৰ
    পৰৱৰ্তী ৰাষ্ট্ৰপতি। কিয়নো বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪
    জুলাইত অন্ত পৰিব। গতিকে এতিয়া দিল্লীয়ে নতুন ৰাষ্ট্ৰপতিৰ সন্ধানত আৰম্ভ কৰিছে
    ৰাজনৈতিক সমীকৰণ। দেশৰ শাসক-পক্ষই ইয়াক লৈ আৰম্ভ কৰিছে হিচাপ-নিকাচ। বিজেপিৰ
    প্ৰধান লক্ষ্য হ’ল ২০২৪ ৰ লোকসভা নিৰ্বাচনী বৈতৰণী সফলতাৰে পাৰ কৰা, তদুপৰি এইবছৰ
    শেষৰ ফালে গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিজেপিয়ে ট্ৰাইবেল
    কাৰ্ডখেলাৰ সম্ভৱনা আছে। কিয়নো গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড়ৰ নিৰ্বাচনত ঘাইকৈ
    আদিবাসী ভোটাৰে প্ৰভাৱ বিস্তাৰ কৰে।
     



     



    দলটোৱে এগৰাকী আদিবাসী লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰি আদিবাসীসকলৰ
    ভোট নিজৰ ফলীয়া কৰিব বিচাৰিছে বুলি দেশৰ ৰাজনৈতিক মহলত আৰম্ভ হৈছে চৰ্চা। কিছুদিনৰ
    পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ বাসভৱনত এই সন্দৰ্ভত এখন বৈঠকো
    অনুষ্ঠিত হয়। বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা, জুৱেল ওৰাম, দ্ৰৌপদী মুৰ্মু
    লগতে ছত্তীশগড়ৰ ৰাজ্যপাল অনুসূয়া উইকেৰ নাম বিবেচনা কৰা বুলি ইংগিত পোৱা গৈছে।
    আটাইকেইগৰাকী প্ৰাৰ্থীক বিজেপিয়ে আদিবাসী ৰাজনীতিকৰ পৰাই পৰৱৰ্তী ৰাষ্ট্ৰপতি পদলৈ
    মনোনীত কৰিব বুলি এতিয়া সৰৱ চৰ্চা হৈছে।



     



    অৱশ্যে বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু
    প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নামো এইক্ষেত্ৰত চৰ্চালৈ আহিছে। এন ডি এ ৰ
    প্ৰাৰ্থীৰ নাম সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোদীয়ে ল
    ', কিন্তু বিজেপি শিবিৰত যে ২০২৪ চনৰ লোকসভা
    নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে  পিছপৰা শ্ৰেণীৰ (অ
    'বিচি)
    এগৰাকী নেতা বা এই পদৰ বাবে এগৰাকী মহিলাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিব পাৰে, তাৰ
    সম্ভৱনা প্ৰকট। দেশৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশতকৈও অধিক অ
    'বিচি
    আছে
    , আনহাতে মহিলাসকল ভাৰতৰ জনসংখ্যাৰ প্ৰায় আধা।
    প্ৰধানমন্ত্ৰী মোডীয়ে কেইবাবাৰো কৈছে যে মহিলাসকল হৈছে বিজেপিৰ নতুন ভোটবেংক।
    সেয়েহে
    , বিজেপিৰ একাংশ নেতাই ই অনুভৱ কৰে যে দলটোৱে হয়
    এগৰাকী অ
    'বিচি বা এগৰাকী মহিলাক এই পদৰ বাবে মনোনীত কৰিব
    পাৰে আৰু এগৰাকী মহিলা-অ
    'বিচিৰ প্ৰাৰ্থিক প্ৰাৰ্থিত্ব প্ৰদান
    কৰিব পাৰে।