ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অসুবিধা যেন কম হোৱাৰ নামেই লোৱা নাই। মোদী উপাধি সন্দৰ্ভত দিয়া বক্তব্যত মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱা ৰাহুল গান্ধীক চুৰাট আদালতে কোনো সকাহ দিয়া নাই।গোচৰৰ শুনানিৰ অন্তত বৃহস্পতিবাৰে (২০ এপ্ৰিল) ৰায় দিছে ন্যায়াধীশ ৰবিন মোঘেৰাই। ৰায়দানটোৰ মতে তেওঁ ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ডৰ কোনো সকাহ দিয়া নাই। এতিয়া ৰাহুল গান্ধীয়ে নিজৰ স্থিতি গ্ৰহণ কৰি গুজৰাট উচ্চ ন্যায়ালয়লৈ পুনৰ আবেদনৰ বাবে যাব লাগিব।
Leave A Comment