ডিজিটেল ডেস্কঃ১০ জুনত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ ৫৭ খন খন আসনৰ বাবে নিৰ্বাচন৷১৫ খন ৰাজ্যৰ পৰা ৫৭ খন ৰাজ্যসভা আসন পূৰণৰ বাবে ১০ জুনত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ সময়তে বিজেপি, কংগ্ৰেছকে ধৰি আন কেইবাটাও দলত টিকটকেন্দ্ৰিক সংঘাত তীব্ৰতৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিৰ বহু কেইগৰাকী মন্ত্ৰী তথা বাঘা বাঘা নেতাই ৰাজ্যসভাৰ টিকট লাভ নকৰাৰ বিষয়টোকলৈ নানান দিশৰ উন্মোচন হৈছে৷
বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজ্যসভাৰ টিকট লাভ নকৰা একাধিক মন্ত্ৰীৰ এইবাৰ মন্ত্ৰিত্বৰ পদো কটা যোৱাৰ সম্ভাৱনাই অধিক৷ ইতিমধ্যে শাসকীয় দল বিজেপিয়ে ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম তালিকা ঘোষণা কৰিছে।বিজেপিয়ে শেহতীয়াকৈ ৰাজ্যসভা নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশৰ পৰা ছয়জন, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু বিহাৰৰ দুজনকৈ আৰু মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰাখণ্ড আৰু হাৰিয়ানাৰ এজনকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে৷
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক কৰ্ণাটকৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। আনহাতে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলক আগন্তুক ৰাজ্যসভা নিৰ্বাচনত মহাৰাষ্ট্ৰৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে৷লক্ষ্মীকান্ত বাজপেয়ী আৰু ৰাধা মোহন আগৰৱালকো বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন আছিল ৩১ মে।
কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি আৰু বিনয় সহস্ৰবুদ্ধেৰ কাৰ্যকাল শেষ হোৱাৰ পথত যদিও বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত তেওঁলোকে স্থান নাপালে৷বিজেপিৰ প্ৰাৰ্থী তালিকাৰ পৰা বাদ পৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবেদকাৰৰ লগতে বিজেপিৰ সাধাৰণ সম্পাদক দুষন্ত গৌতম,অ পি মাথুৰ,বিনয় সহস্ৰবুদ্ধে,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাত বিজেপি দলৰ সচেতক শিৱ প্ৰতাপ শুক্লা,বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ছয়ীদ জাফৰ আদি নেতাসকল৷এইবাৰ বিজেপিয়ে আনকি কেন্দ্ৰীয় মন্ত্ৰীকো ৰাজ্যসভাৰ টিকট নিদিয়াৰ কথাই চৰকাৰৰ শীঘ্ৰে ৰদবদল হোৱাৰ সম্ভাৱনা থকা বুলি বহুতে ধাৰণা কৰিছে৷
ৰাজ্যসভাৰ টিকটৰ লাভৰ পৰা বাদ পৰা কেন্দ্ৰীয় মন্ত্ৰীয়ে মন্ত্ৰিত্ব হেৰুৱালগীয়া হ’ব পাৰে বুলিও চৰ্চা হোৱা দেখা গৈছে৷
উল্লেখ কৰিব পাৰি যে ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ কৰিবলগীয়া সকলৰ ভিতৰত অন্যতম কেইগৰাকীমান ৰাজনীতিক হৈছে কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি, কংগ্ৰেছ নেতা অম্বিকা চোনি, জয়ৰাম ৰমেশ, কপিল চিব্বল আৰু বিএছপিৰ সতীশ চন্দ্ৰ মিশ্ৰা আদি। এইসকল সদস্যই ২১ জুনৰ পৰা ১ আগষ্টৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিব।ইয়াৰোপৰি উত্তৰ প্ৰদেশত ১১ খন আসন খালী হৈ আছে। একেদৰে তামিলনাডুত ছখন আৰু মহাৰাষ্ট্ৰৰ পাঁচ খন আসনৰ লগতে বিহাৰ, অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান আৰু কৰ্ণাটকতো ৰাজ্যসভাৰ কেইবাখনো আসন খালী হৈ আছে।
মধ্য প্ৰদেশ আৰু উৰিষ্যাৰ তিনিজনকৈ সদস্য, তেলেংগানা, ছত্তীশগড়, পঞ্জাৱ ঝাৰখণ্ড আৰু হাৰিয়ানাৰ দুজনকৈ আৰু উত্তৰাখণ্ডৰ এজন সদস্যই ৰাজ্যসভাৰ পৰা ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে।
বিজেপিয়ে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাত স্থান পোৱা কেইগৰাকীমান ৰাজনীতিক হৈছে ক্ৰমে-উত্তৰ প্ৰদেশৰ পৰা ডঃ লক্ষ্মীকান্ত বাজপেয়ী,ডঃ ৰাধা মোহন আগৰৱালা ,সুৰেন্দ্ৰ সিং নগৰৰ পৰা বাবুৰাম নিশাদ,দৰ্শন সিং,সংগীতা যাদৱ,কৰ্ণাটকৰ পৰা নিৰ্মলা সীতাৰমণ,মহাৰাষ্ট্ৰৰ পৰা পীয়ুষ গোৱেল,অনিল সুখদেওৰাও বণ্ডে,মধ্য প্ৰদেশৰ পৰা কবিতা পাতিদাৰ,উত্তৰাখণ্ডৰ পৰা ডাঃ কল্পনা সাইনী,ৰাজস্থানৰ পৰা ঘনশ্যাম তিৱাৰী,বিহাৰৰ পৰা সতীশ চন্দ্ৰ ডুবে,শম্ভু চৰণ পেটেল,হাৰিয়ানাৰ পৰা কৃষ্ণ লাল পানৱাৰ ।
কংগ্ৰেছেও ১০ জুনৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে ১০ জন প্ৰাৰ্থীৰ ঘোষণা কৰিছে। দলটোৱে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰম, জয়ৰাম ৰমেশ আৰু অজয় মাকেনৰ লগতে দলৰ মুখ্য মুখপাত্ৰ ৰণদীপ সুৰজেৱালাক প্ৰাৰ্থিত্ব প্ৰদান কৰে।
চিদাম্বৰমক তামিলনাডুৰ পৰা, ৰমেশক কৰ্ণাটকৰ ৰমেশ, হাৰিয়ানাৰ মাকেন আৰু ৰাজস্থানৰ পৰা সুৰজেৱালাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল।
দলটোৱে ৰাজস্থানৰ পৰা মুকুল ৱাছনিক আৰু প্ৰমোদ তিৱাৰী, মধ্য প্ৰদেশৰ বিবেক তানখা, ছত্তীশগড়ৰ ৰাজীৱ শুক্লা আৰু ৰণজিৎ ৰঞ্জন আৰু মহাৰাষ্ট্ৰৰ পৰা ইমৰান প্ৰতাপগড়ীকো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
Leave A Comment