ডিজিটেল ডেস্কঃ অৱশেষত কিছু সময়ৰ ব্যৱধানত মহাৰাষ্ট্ৰত পুনৰ সফল হৈছে বিজেপিৰ 'অপাৰেচন কমল'। কিন্তু এনে সফল অভিযানৰ পিছতো বিজেপিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদটো শেষ মুহূৰ্তত কিয় গ্ৰহণ নকৰাৰ সিদ্ধান্ত ল’লে তাকে লৈ এতিয়া বহুতৰে মাজত সৰৱ চৰ্চা চলিছে৷
একনাথ সিন্দেৰ নেতৃত্বত আৰম্ভ হোৱা বিদোৰোহৰ পৰিণতিতে মহারাষ্ট্ৰত মহা বিকাশ আঘাদী চৰকাৰৰ পতন ঘটিল। পৰিস্থিতিৰ তাগিদাত পৰি মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই যোৱা নিশাই পদত্যাগ কৰিবলৈ বাধ্য হ’ল। এই পৰিস্থিতিৰ মাজতে আশা কৰা অনুসৰি বিজেপিয়ে শিৱসেনাৰ বিসম্বাদী মন্ত্ৰী-বিধায়কসকলকলৈ মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিলে।
বৃহস্পতিবাৰে পুৱাৰ পৰা বিয়লিলৈকে দেৱেন্দ্ৰ ফাড়নবিছ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ'ব বুলি চৰ্চা হৈ আছিল৷ আনকি ফাড়নবিছেও মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিবলৈ একপ্ৰকাৰ সাজু হৈছিল। পুৱাৰ সমীকৰণ অনুসৰি একনাথ সিন্দেক দিয়া হ’ব উপ মুখ্যমন্ত্ৰীৰ পদ।
কিন্তু শেষ মুহূৰ্তত সকলো কথা সলনি হৈ গ’ল। ফাড়নবিছে ঘোষণা কৰিলে যে তেওঁ নহয়, সিন্দেই হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ অনুৰোধ ৰক্ষা কৰিয়েই ফাড়নবিছে মুখ্যমন্ত্ৰীৰ পদৰ দাবী এৰি দিলে৷ ফাড়নবিছৰ এনে কাৰ্যক বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও উচ্চ প্ৰশংসা কৰিছে৷ ফাড়নবিছক শ্বাহে আনকি বহল হৃদয়ৰ ব্যক্তি বুলি ক’বলৈও এৰা নাই৷ সন্ধিয়ালৈ সিন্দেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাবে আৰু ফাড়নবিছে উপ-মুখ্যমন্ত্ৰী হিচাবে শপত ল’লে৷
২০১৯ চনৰ মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত সৰ্বাধিক সংখ্যক আসন লাভ কৰা বিজেপিয়ে কিয় শিৱসেনাৰ হাতত গতালে মুখ্যমন্ত্ৰীৰ পদ? এই প্ৰশ্নৰ উত্তৰ হয়তো পূৰ্বৰ কেতবোৰ ঘটনাৰ পৰাই পাব পাৰি৷
২০১৯ চনৰ বিধানসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত বিজেপিয়ে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ মহাৰাষ্ট্ৰ বিধানসভাৰ বিধানসভাৰ ২৮৮ খন আসনৰ ভিতৰত ১০৫ খন আসন লাভ কৰিছিল। দলটোৰ দীৰ্ঘদিনীয়া সহযোগী আৰু আদৰ্শগত মিল থকা দল শিৱ সেনাই ৫৬ খন আসন লাভ কৰিছিল।
মহাৰাষ্ট্ৰত দুয়োটা দল প্ৰায় তিনি দশক ধৰি মিত্ৰশক্তি হৈ আছিল৷ অলিখিত বুজাবুজি অনুসৰি এবাৰ যদি বিজেপিৰ মুখ্যমন্ত্ৰী হয়, পিছৰবাৰ শিৱসেনাৰ পৰা মুখ্যমন্ত্ৰী দিয়াৰ কথাত দুয়োটা দলেই সহমত ব্যক্ত কৰিছিল৷ কিন্তু ২০১৯ চনৰ বিধানসভা নিৰ্বাচনৰ পিছতে বিজেপিয়ে মুখ্যমন্ত্ৰীৰ পদটো শিৱসেনাক দিবলৈ অস্বীকাৰ কৰিছিল ৷ তেতিয়াই আৰম্ভ হৈছিল দুয়োটা দলৰ মাজত বিবাদ৷সেই নিৰ্বাচনত এনচিপিয়ে ৫৫ খন কংগ্ৰেছে ৪৪ খন আসন লাভ কৰিছিল৷
কিন্তু অলিখিত বুজাবুজিৰ ভিত্তিত বিজেপিয়ে শিৱসেনাক মুখ্যমন্ত্ৰীৰ পদ এৰি নিদিয়াৰ বাবেই শিৱসেনাই বিজেপিৰ পৰা আঁতৰি গৈ লগ লাগিছিল কংগ্ৰেছ আৰু এনচিপিৰ। ফলত ২০১৯ চনৰ নিৰ্বাচনত সৰ্বাধিক সংখ্যক আসন লাভ কৰাৰ পিছতো বিজেপিৰ ’অপাৰেছন কমল’ মহাৰাষ্ট্ৰত বিফল হৈছিল৷ শিৱসেনাই সেই সময়তে এইবুলি প্ৰশ্ন কৰিছিল যে বিহাৰত মুখ্যমন্ত্ৰীৰ পদ তৃতীয় স্থানত থকা এটা দল জনতা দল ইউনাইটেডক দি বিজেপিয়ে যি "ত্যাগ" স্বীকাৰ কৰিছিল সেয়া শিৱসেনাৰ ক্ষেত্ৰত কৰিব নোৱাৰে কিয়?উল্লেখ্য বিহাৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে ৭৪ খন আসন লাভ কৰিছিল, আনহাতে ইয়াৰ সহযোগী জেডি(ইউ)য়ে ৪৩ খন আসন লাভ কৰিছিল।
২৪৩ জনীয়া বিধানসভাত ৭৫ খন আসন লাভ কৰি আৰজেডি একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল। বিজেপিয়ে বিহাৰত নিজৰ দলৰ পৰা মুখ্যমন্ত্ৰী দিয়াৰ সলনি ৪৩ খন আসন লাভ কৰা জনতা দল (ইউনাইটেড)ক মুখ্যমন্ত্ৰীৰ আসন এৰি দিছিল৷ কিন্তু নহাৰাষ্ট্ৰত ৫৬ খন আসন লাভ কৰা শিৱসেনাক অলিখিত বুজাবুজিৰ আধাৰতে তেনে কৰিবলৈ অস্বীকাৰ কৰিছিল গেৰুৱা বাহিনীয়ে৷
ফলত বিজেপিৰে দূৰত্ব বৃদ্ধি পোৱা শিৱসেনাই চৰকাৰ গঠনৰ বাবে এনচিপি আৰু কংগ্ৰেছৰ সৈতে হাত মিলাইছিল। সেইবাৰ চৰকাৰ গঠনৰ আশাত চেঁচাপানী পৰিছিল বিজেপিৰ৷
৫৩ বছৰীয়া শিৱসেনা এক তীব্ৰ সোঁপন্থী হিন্দু দল। মুম্বাইৰ মাৰাঠী ভাষী লোকসকলৰ স্বাৰ্থক সমৰ্থন কৰিবলৈ ই এক জাতিগত সংগঠন হিচাপে আৰম্ভ হৈছিল। কিন্তু ইয়াৰ মূল ভোট বেংকৰ খহনীয়াৰ পিছত দলটোৱে হিন্দুৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰা এটা দল হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰে৷ এনে চেষ্টাৰ বাবেই পৰম্পৰাগতভাৱে দলটো কংগ্ৰেছ বিৰোধী হৈ আহিছে।
কিন্তু ২০১৯ চনৰ নিৰ্বাচনৰ ফলাফলৰ পিছত বিজেপিয়ে কৰা ’প্ৰতাৰণা’ৰ বাবেই শিৱসেনাই কংগ্ৰেছৰ লগ লাগিবলৈ বাধ্য হৈছিল৷বিজেপিয়ে ভুলৰ পৰিণামৰ কথা বহু পলমকৈহে যেন অনুভৱ কৰিছে৷ সেয়ে ২০১৯ চনৰ নিৰ্বাচনৰ পিছতে বিজেপিৰ অংগুষ্ঠ প্ৰদৰ্শন কৰি কংগ্ৰেছ-এনচিপিৰ সমৰ্থনত গঠন কৰা উদ্ধৱ থাকৰেৰ চৰকাৰ খনক কিদৰে ধ্বংস কৰি পুনৰ বিজেপিৰ প্ৰভুত্ব বিস্তাৰ কৰিব পাৰি তাৰেই চিন্তাতে মগ্ন হৈ আছিল গেৰুৱা বাহিনীৰ নেতাসকল৷ অৱশেষত যেন সেই সুযোগ আহিল৷ একনাথ সিন্দেক শিখণ্ডী কৰি বিজেপিয়ে কংগ্ৰেছ-এনচিপি-শিৱসেনাৰ চৰকাৰ ভাঙি পেলাবলৈ সক্ষম হ’ল৷
এনে পৰিস্থিতিত বিসম্বাদৰ সকলো পৰিকল্পনা সকলোৰে অগোচৰে বিজেপিয়ে কৰিছিল যদিও মুখ্যমন্ত্ৰীৰ আসন খন পূৰ্বে শিৱসেনাৰ সৈতে থকা অলিখিত চুক্তি মৰ্মেই শিৱসেনাক দিয়াৰ সিদ্ধান্ত লোৱা বুলি বহুতে ধাৰণা কৰিছে৷ কাৰণ কথা অনুসৰি কাম নকৰাৰ বাবেই ২০১৯ চনৰ নিৰ্বাচনৰ পিছত বিজেপি মহাৰাষ্ট্ৰৰ শাসনৰ পৰা বাহিৰত থাকিবলগীয়া হৈছিল৷
সেইবাৰেই যদি বিজেপিয়ে বিহাৰত জনতা দল (ইউনাইটেড)ক মুখ্যমন্ত্ৰীৰ পদ এৰি দিয়াৰ দৰেই মহাৰাষ্ট্ৰতো শিৱসেনাক সেই পদ দিলেহেঁতেন তেন্তে ৰাজ্য খনত কংগ্ৰেছ-এনচিপিৰ সহায়লৈ শিৱসেনাই চৰকাৰ গঠন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টিয়েই নহ’লহেঁতেন৷ একেদৰে ফুলি থাকিলেহেঁতেন বিজেপিৰো পদুম৷ পূৰ্বৰ ভুল সিদ্ধান্তৰ পৰাই যেন এইবাৰ শিক্ষাগ্ৰহণ কৰিলে বিজেপিয়ে৷
Leave A Comment