পাকিস্তান চৰকাৰে দেশদ্ৰোহীতাৰ বাবে সোধা-পোছা আৰম্ভ কৰিব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক৷ সোধা-পোছাৰ বাবে ইতিমধ্যে পাকিস্তান চৰকাৰে এখন কমিটি গঠন কৰিছে বুলিও জানিব পৰা গৈছে৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী হোৱাৰ উপৰিও ইমৰান খান পাকিস্তান তহৰীক - এ- ইনসাফ দলৰো মুখ্য নেতা৷ বৰ্তমান এটাৰ পিচত আনটো বিপদে পিছ নেৰা হৈছে ইমৰান খানক৷ ইমৰান খানৰ ওপৰত তদন্ত কৰাৰ বাবে কমিটিখন যোৱা শুকুৰবাৰে পাকিস্তান চৰকাৰে গঠন কৰিছিল বুলি জানিব পৰা গৈছে৷ এই কমিটিয়ে ইমৰান খানৰ বিৰুদ্ধে থকা গোচৰৰ তদন্ত কৰিব আৰু তদন্তৰ ভিত্তিত উচিত সিদ্ধান্ত গ্ৰহণ কৰিব৷
তথ্য মন্ত্ৰী মৰিয়ম ঔৰংগজেৱে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, তদন্তৰ বাবে এখন কমিটি গঠন কৰিবলৈ তেওঁয়েই পৰামৰ্শ আগবঢ়াইছিল৷ পিটিআইৰ নেতা ইমৰান খান সংবিধানৰ ৬ নং অনুচ্ছেদ উলংঘন কৰাৰ বাবে দোষী হয় নে নহয় তাৰ ওপৰত এই কমিটিয়ে তদন্ত কৰিব বুলিও তথ্যমন্ত্ৰী মৰিয়ম ঔৰংগজেৱে জানিবলৈ দিয়ে৷
পাকিস্তানৰ সংবিধানৰ ৬ নং অনুচ্ছেদ অনুসৰি কোনো ব্যক্তিয়ে বলপূৰ্বকভাৱে বা আন কোনো অসাংবিধানিক উপায়েৰে সংবিধান উলংঘন কৰে বা সংবিধান বিৰোধী কোনো অভিসন্ধি ৰচনা কৰে তেন্তে উক্ত ব্যক্তিজনক দেশদ্ৰোহীতাৰ গোচৰত অভিযুক্ত কৰা হ’ব৷এই অপৰাধত দোষী সাব্যস্ত হ’লে প্ৰাণদণ্ড দিয়াৰো উদাহৰণ আছে৷
আইনমন্ত্ৰী আজম নজীৰ তৰাৰ উপস্থিতত তদন্ত কমিটিখনে কাম-কাজ সমূহ আগবঢ়াব ৷ মন্ত্ৰী পৰিষদৰ বৈঠকত কমিটিখনে সকলো তথ্য দাখিল কৰিব৷
মন্ত্ৰী মৰিয়ম ঔৰংগজেৱে পুনৰ কয় যে, উচ্চতম ন্যায়ালয়ৰ ঘোষণাত ইতিমধ্যে ইমৰান খানে সংবিধান বিৰোধী কাম কৰিছে বুলি প্ৰকাশ পাইছে৷
Leave A Comment