• মহুৱাৰ ফটো বিতৰ্কক লৈ অৱশেষত মুখ খুলিলে শশী থাৰুৰে; ট্ৰ’লৰ উত্তৰ দি ক’লে- এয়া নিম্নপৰ্যায়ৰ ৰাজনীতি

    ৰাজনৈতিক
    মহুৱাৰ ফটো বিতৰ্কক লৈ অৱশেষত মুখ খুলিলে শশী থাৰুৰে; ট্ৰ’লৰ উত্তৰ দি ক’লে- এয়া নিম্নপৰ্যায়ৰ ৰাজনীতি
    ডিজিটেল ডেস্ক; অৱশেষত মুখ খুলিলে কংগ্ৰেছ সাংসদ শশী থাৰুৰে৷ মহুৱা মৈত্ৰৰ ফটো বিতৰ্কৰে সাঙোৰ খাইছিল শশী থাৰুৰৰ নাম৷ শুকুৰবাৰে তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰৰ সৈতে তেওঁৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত হোৱা নিন্দাক নিম্ন পৰ্যায়ৰ ৰাজনীতি বুলি অভিহিত কৰে শশী থাৰুৰে৷

    কেৰালাৰ কোট্টায়ামত সাংবাদিকৰ আগত থাৰুৰে কয়, এয়া ইমান নিম্ন পৰ্যায়ৰ ৰাজনীতি। সেই শিশুটোৰ জন্মদিন আছিল। মই তেওঁক শিশু বুলি ক’ব নোৱাৰো, কিন্তু মোৰ বাবে শিশুৰ দৰেই৷ তেওঁ মোতকৈ ১০ৰ পৰা ২০ বছৰ সৰু। এইটো তেওঁৰ জন্মদিনৰ পাৰ্টি আছিল আৰু তাত ১৫জন লোক উপস্থিত আছিল৷

    তেওঁ লগতে কয়, মোৰ ভনীকো আমন্ত্ৰণ জনোৱা হৈছিল আৰু তেৱোঁ উপস্থিত আছিল। অৱশ্যে, কিছু লোকে ইচ্ছাকৃতভাৱে আনসকলক উলিয়াইছিল আৰু ইয়াক কিছুমান গোপন ব্যক্তিগত সাক্ষাৎ হিচাপে উপস্থাপন কৰিছিল। যিকোনো লোকে এই ফটোবোৰ চালে ভাবিব লাগে যে ফটোখন কোনে তুলিলেঁহেঁতেন যদি এইটো সঁচাকৈয়ে এয়া গোপন সাক্ষাৎ হ’লহেঁতেন।