Business
Digital Desk: The Indian equity indices, NSE Nifty and BSE Sensex closed lower on Thursday. The NSE Nifty ended below the 23,550 mark, while the BSE Sensex dropped to 528 Points.
minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
mso-bidi-language:BN">ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰ বিধানসভাত আজি মুখ্যমন্ত্ৰী একনাথ
সিন্দেই সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ পাছতেই পূৰ্বৰ শিৱসেনা চৰকাৰৰ অংশীদাৰী দল নেচনেলিষ্ট
কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শাৰদ পাৱাৰৰ মন্তব্যই পুনৰ মহাৰাষ্ট্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ
সৃষ্টি কৰিছে৷
minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
mso-bidi-language:BN">শাৰদ পাৱাৰে ভৱিষ্যদ্বাণী কৰি কয় যে একনাথ সিন্দেৰ নৱগঠিত চৰকাৰখন
অহা ছমাহত পতন হোৱাৰ সম্ভাৱনা আছে আৰু সকলোৱে মহাৰাষ্ট্ৰত মধ্যৱৰ্তী নিৰ্বাচনৰ বাবে
সাজু থাকিব লাগিব বুলি তেওঁ মন্তব্য কৰে।
minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
mso-bidi-language:BN">এনচিপিৰ বিধায়ক আৰু অন্যান্য নেতাসকলক সম্বোধন কৰি পাৱাৰে কয়
যে একনাথ চৰকাৰৰ কেইবাজনো নেতা বৰ্তমান সুখী নহয় আৰু মন্ত্ৰীপদ আৱণ্টন কৰাৰ পাছত শিবিৰৰ
ভিতৰত অস্থিৰতা বৃদ্ধি পাব বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ এনচিপি নেতাসকলক মহাৰাষ্ট্ৰত
মধ্যৱৰ্তী নিৰ্বাচনৰ বাবে সাজু থাকিবলৈ আহ্বান জনায়৷
minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
mso-bidi-language:BN">পাৱাৰে এইটোও আঙুলিয়াই দিছিল যে এই চৰকাৰৰ বিফলতাৰ ফলত কেইবাজনো
বিদ্ৰোহী বিধায়ক তেওঁলোকৰ মূল দললৈ ঘূৰি যাব। যদি আমাৰ হাতত মাত্ৰ ছমাহ থাকে,
mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">এনচিপিৰ বিধায়কসকলে
তেওঁলোকৰ নিজ নিজ বিধানসভা সমষ্টিত অধিক সময় অতিবাহিত কৰা উচিত বুলি তেওঁ মন্তব্য
কৰে৷
minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
mso-bidi-language:BN">শিৱসেনা-এনচিপি-কংগ্ৰেছ চৰকাৰৰ পতনৰ পিছত বৃহস্পতিবাৰে সিন্দেই
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷ আনহাতে জ্যেষ্ঠ বিজেপি নেতা দেৱেন্দ্ৰ
ফাড়নবীশে সিন্দেৰ উপ-বিষয়া হিচাপে শপত গ্ৰহণ কৰে। শিন্দেৰ নেতৃত্বত প্ৰায় ৪০ জন
সেনা বিধায়কে দলীয় নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল,
mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">যাৰ ফলত বুধবাৰে উদ্ধৱ
ঠাকৰেনেতৃত্বাধীন মহা বিকাশ আঘাদী (এমভিএ) চৰকাৰৰ ছন্দপতন ঘটিছিল।
Leave A Comment