ডিজিটেল ডেস্কঃ আৰ্থিক সংকটত দিগবিদিগ হেৰুৱাইছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাই। গণ প্ৰতিবাদত জ্বলি উঠিছে দেশখন। বিধ্বস্ত ৰাষ্ট্ৰপতিৰ বাসগৃহ। ৰাষ্ট্ৰপতিৰ প্ৰসাদত এতিয়া প্ৰতিবাদকাৰীৰ সঘন অহা-যোৱা। ইফালে ২০ জুলাইত শ্ৰীলংকাৰ সংসদে নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব বুলি খবৰ ওলাইছে। অধ্যক্ষ মহিন্দা য়াপা আবেবাৰ্ডেনাই সোমবাৰে এক বিবৃতিযোগে এই কথা সদৰী কৰিছে। শুকুৰবাৰে সংসদৰ পুনৰ আহ্বানৰ পাছত পৰৱৰ্তী পাঁচ দিনৰ ভিতৰত নতুন ৰাষ্ট্ৰপতিৰ বাবে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব বুলি জনাইছে।
বিবৃতিযোগে তেওঁ কয়, ‘আজিৰ দলীয় নেতাসকলৰ বৈঠকত সংবিধান অনুসৰি নতুন সৰ্বদলীয় চৰকাৰ গঠন কৰাটো অতি প্ৰয়োজনীয় বুলি একমত প্ৰকাশ কৰিছে।’ ইফালে শাসকীয় দলটোৱে সৰ্বদলীয় চৰকাৰ নিযুক্তিৰ বাবে প্ৰধানমন্ত্ৰী আৰু কেবিনেট পদত্যাগ কৰিবলৈ সাজু হৈছে। বকলেও বুজিব পাৰি যে, শ্ৰীলংকা চূড়ান্ত অৰ্থনৈতিক অস্থিৰতাৰ কবলত পৰিছে।
বিগত সাতটা দশকৰ ভিতৰত আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক পৰিস্থিতিৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। সপ্তাহৰ শেষৰ ফালে ৰাজধানী কলম্বোত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাৰ চৰকাৰী বাসগৃহত আক্ৰমণ চলোৱাৰ লগতে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰানিল বিক্ৰমা সিংহৰ ব্যক্তিগত বাসগৃহতো অগ্নিসংযোগ কৰে। প্ৰতিবাদকাৰীৰ যুযুধান ৰূপ দেখি পলায়ন কৰিবলৈ বাধ্য হয় ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী উভয়ে। পৰৱৰ্তী সময়ত উভয়ে পদত্যাগৰ ঘোষণা কৰে। দেওবাৰে দুয়োগৰাকী নেতাই পদত্যাগ কৰাৰ পিছতে বিৰোধীয়ে সৰ্বদলীয় অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে।
Leave A Comment