• দক্ষিণৰ ৰাজনীতিৰ নতুন পাক; ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব কমল হাছান

    ৰাজনৈতিক
    দক্ষিণৰ ৰাজনীতিৰ নতুন পাক;  ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব কমল হাছান
    ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতৰ ৰাজনীতিয়ে লৈছে নতুন পাক৷তামিলনাডুত যোৱা ডিচেম্বৰ মাহত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’ত উপস্থিত হোৱাৰ পাছতে বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। সোমবাৰে শুনানি গ্ৰহণ কৰি অহা লোকসভা নিৰ্বাচনত ডি এম কে-কংগ্ৰেছ-বাওঁপন্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে কোইম্বটুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তামিল অভিনেতা-ৰাজনীতিবিদ কমল হাছানে।ইয়াৰ পূৰ্বে কমল হাছা নিজেও অৱশ্যে এই সন্দৰ্ভত কোনো প্ৰত্যক্ষ ঘোষণা কৰা নাছিল। 

    চলচ্চিত্ৰ তাৰকা কমল হাজানে ২০১৮ চনত নিজৰ দল ‘মক্কল নেধি মায়ম’ (MNM) গঠন কৰিছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁৰ দলটোৱে তামিলনাডুৰ ৩৯খন আসনৰ ভিতৰত ৩৭খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল যদিও এখনো আসনত জয়ী হোৱা নাছিল। হাছানৰ দলটোৱে ৩.৫ শতাংশ ভোট লাভ কৰে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কমলে কোয়ম্বটুৰ দক্ষিণ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ১৫০০ ভোটৰ ব্যৱধানত এডিএমকে-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল যদিও প্ৰায় ৩৪ শতাংশ ভোট লাভ কৰিছিল। 

    শেহতীয়াকৈ ‘সনাতন ধৰ্ম’ বিতৰ্কত তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডি এম কেৰ মুৰব্বী এম কে ষ্টেলিনৰ পুত্ৰ উদয়ানিধিৰ কাষত কমল হাছানে থিয় দিছিল। ৰাজনৈতিক বিশ্লেষকৰ এটা অংশই বিশ্বাস কৰে যে জনপ্ৰিয় অভিনেতাগৰাকী যদি লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ত যোগদান কৰে তেন্তে তামিলনাডুত কমলৰ প্ৰভাৱ পৰিব।