ডিজিটেল ডেস্ক : অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী উদ্যোগপতিয়ে। ঔদ্যোগিক খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে এক গুৰুত্বপূ্ৰ্ণ স্বীকৃতি লাভ কৰিছে উদ্যোগপতিগৰাকীয়ে। ‘এছিয়াৱান’-এ আগবঢ়োৱা ৪০ বছৰৰ অনুৰ্ধ এছিয়াৰ ৪০ জন আটাইতকৈ প্ৰভাৱশালী নেতাৰ পুৰস্কাৰ লাভ কৰিছে অসমৰ উদ্যোগপতি ড০ ঘনশ্যাম দাস ধানুকাই। লণ্ডনত অনুষ্ঠিত এটা অনুষ্ঠানত এই স্বীকৃতি লাভ কৰি অসমৰ লগতে দেশকো গৌৰৱান্বিত কৰিছে ধানুকাই।
সামাজিক আৰু ব্যৱসায়িক ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বাবে ড০ ঘনশ্যাম দাস ধনুকাক এই স্বীকৃতি প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বে এই বঁটা প্ৰণৱ আদানি, অনন্যা বিৰলা আৰু অনন্ত গোয়েংকাকে ধৰি বিশিষ্ট উদ্যোগপতিসকলে লাভ কৰিছিল। এই বছৰ, অনুষ্ঠানটো লণ্ডনত ১৭ সংখ্যক এছিয়া-ইউৰোপ ব্যৱসায় আৰু সামাজিক মঞ্চ ২০২২-ৰ অংশ হিচাপে অনুষ্ঠিত হৈছিল আৰু ইয়াত ইউৰোপ, এছিয়া, আমেৰিকা যুক্তৰাজ্য আৰু আফ্ৰিকাৰ ব্যৱসায়িক আৰু সামাজিক ক্ষেত্ৰৰ নেতাসকলে অংশগ্ৰহণ কৰিছিল।
Leave A Comment