• তৃণমূল কংগ্ৰেছে কোনো সম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা নাই-মন্তব্য দিলীপ কুমাৰ শৰ্মাৰ

    ৰাজনৈতিক
    তৃণমূল কংগ্ৰেছে কোনো সম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা নাই-মন্তব্য দিলীপ কুমাৰ শৰ্মাৰ
    ডিজিটেল ডেস্কঃ কোনো কোনো সংবাদমাধ্যমত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসম তৃণমূল কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী তালিকা এখন প্ৰকাশ হোৱাটো তৃণমূল কংগ্ৰেছৰ দৃষ্টিগোচৰ হৈছে ৷তেওঁলোকে জনাই  যে “অসম তৃণমূল কংগ্ৰেছ দলে অসমত লোকসভাৰ ৫ খন আসন বিচাৰি 'ইণ্ডিয়া' নেতৃত্বৰ ওচৰত আবেদন কৰিব ৷ আৰু কোন দলে কোনটো লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াব সেয়া আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই  "ইণ্ডিয়া " নেতৃত্বৰ সৈতে আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত লব ৷ গতিকে কোনো কথা চূড়ান্ত নোহোৱাকৈ অসম তৃণমূল কংগ্ৰেছ দলে সম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ প্ৰশ্নই নুঠে ৷ এই তালিকা কোনোবাই প্ৰকাশ কৰি বিৰোধী মহাজোটত ভাঙোন আনিবলৈ বিচৰা এক চক্ৰান্ত।  আমি বিৰোধী মহাজোট "ইণ্ডিয়া" ৰ অংশীদাৰ যিহেতু মহাজোট হিচাপেহে লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিম ৷”