• ভাৰত জোড়ো ন্যায় যাত্ৰাই পালে নতুন গতি; উত্তৰ প্ৰদেশত ৰাহুলৰ হাতত ধৰিলে অখিলেশে

    ৰাজনৈতিক
    ভাৰত জোড়ো ন্যায় যাত্ৰাই পালে নতুন গতি; উত্তৰ প্ৰদেশত ৰাহুলৰ হাতত ধৰিলে অখিলেশে
    ডিজিটেল ডেস্ক: ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো ন্যায় যাত্ৰাই দেওবাৰে পালে নতুন মাত্ৰা৷ বিজেপিৰ বাবে সংশয়-দুৰ্ভাবনা কঢ়িয়াই ভাৰত জোড়ো ন্যায় যাত্ৰাত চামিল হ’ল সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ৷ কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীয়ে উত্তৰ প্ৰদেশৰ বাবে আসন ভাগ-বটোৱাৰা আলোচনাৰ ক্ষেত্ৰত এক বুজাবুজিত উপনীত হোৱাৰ কেইদিনমান পাছতেই আজিৰ অখিলেশ-ৰাহুলৰ সহযাত্ৰা বিশেষভাৱে তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে৷

    বিগত কেইবাদিনো ধৰি অখিলেশ যাদৱে এই যাত্ৰাত যোগদান কৰিবলৈ অস্বীকাৰ কৰি ঘোষণা কৰিছিল যে কংগ্ৰেছৰ সৈতে আসন ভাগ-বটোৱাৰা চূড়ান্ত হোৱাৰ পাছতহে তেওঁ অংশগ্ৰহণ কৰিব। দেওবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে সমাজবাদী পাৰ্টিৰ মুৰব্বীগৰাকীক যাত্ৰালৈ আদৰণি জনাই আজিৰ দিনটোক অতি সুখৰ দিন বুলি অভিহিত কৰে৷

    ৰাহুল গান্ধী আৰু অখিলেশ যাদৱে এক ঐক্যবদ্ধ মিছিলৰ নেতৃত্ব দিবলৈ হাতে-হাত মিলাই আগ্ৰাত সমবেত হোৱা জনতাক সম্বোধন কৰিছিল। অখিলেশ যাদৱে কয়, অনাগত দিনত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বান হৈছে গণতন্ত্ৰ আৰু সংবিধানক বচাবলৈ ড° বি আৰ আম্বেদকাৰৰ সপোন পূৰণ কৰা, যিটো বিজেপিয়ে ধ্বংস কৰিছে৷ আজি কেৱল এটা বাৰ্তা দিব লাগিব- বিজেপি হাটাও, দেশকো বচাও, সংকট মিতাও৷ তেওঁ লগতে কয় যে তেওঁ আশাবাদী যে অনাগত দিনত বিজেপি নেতৃত্বাধীন এনডিএক পৰাস্ত কৰিবলৈ ইণ্ডিয়া ব্লক আৰু পিডিএ-ই কাম কৰিব।