কাৰণ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত প্ৰতিগৰাকী ভোটাৰে দিয়া ভোটৰ মূল্য ৰাজ্যভেদে বেলেগ বেলেগ হয়।
ইয়াৰ বিপৰীতে লোকসভা অথবা বিধানসভাত ভোটদান কৰা প্ৰতিগৰাকী ভোটাৰৰেই ভোটৰ মূল্য একে।
এনে নিৰ্বাচনসমূহত ভোটাৰসকলে তেওঁলোকে ভোট দিব বিচৰা প্ৰাৰ্থীৰ নামৰ কাষৰ বুটামটো টিপিব লাগে আৰু সৰ্বাধিক ভোট লাভ কৰা প্ৰাৰ্থীক নিৰ্বাচিত বুলি ঘোষণা কৰা হয়।
আনহাতে, ৰাষ্ট্ৰপতিক সমানুপাতিক প্ৰতিনিধিত্ব প্ৰণালীৰ ভিত্তিত নিৰ্বাচন কৰা হয়। এই ব্যৱস্থাটো এতিয়াও ইভিএমত সংলগ্ন কৰা হোৱা নাই? এইবেলি জম্মু-কাশ্মীৰত নিৰ্বাচিত বিধানসভা নথকাৰ বাবে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভোটাৰৰ ভোটৰ মূল্যও হ্ৰাস পাব।
১৯৭৪ চনত ১৮২ জনীয়া গুজৰাট বিধানসভা মাৰ্চ মাহত ভংগ কৰা হৈছিল। লক্ষণীয় যে ১৯৯৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এজন সংসদ সদস্যৰ ভোটৰ মূল্য ৭০৮ নিৰ্ধাৰণ কৰা হৈছিল।
১৯৫২ চনত প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এজন সাংসদৰ ভোটৰ মূল্য আছিল ৪৯৪, আৰু পিছত ১৯৫৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৪৯৬ লৈ বৃদ্ধি হয়, তাৰ পিছত ৪৯৩ (১৯৬২), ৫৭৬ (১৯৬৭ আৰু ১৯৬৯)। ১৯৭৭ চনৰ পৰা ১৯৯২ চনলৈ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সাংসদৰ ভোটৰ মূল্য ৭০২ নিৰ্ধাৰণ কৰা হৈছিল৷ প্ৰতিজন বিধায়কৰ ভোটৰ মূল্য বিভিন্ন ৰাজ্যত ভিন্ন হয় ।জনসংখ্যা আৰু ৰাজ্যৰ আকাৰ অনুসৰি ৰাজ্য ভেদে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিয়া ভোটৰৰ ভোটৰ মূল্য বেলেগবেলেগ হয়। সেইমতে উত্তৰ প্ৰদেশত প্ৰতিজন বিধায়কৰ ভোটৰ মূল্য ২০৮, তাৰ পিছত ঝাৰখণ্ড আৰু তামিলনাডুত ১৭৬ , আনহাতে মহাৰাষ্ট্ৰত ১৭৫। ছিকিমত, প্ৰতিজন বিধায়কৰ ভোটৰ মূল্য ৭, আনহাতে নাগালেণ্ডত ৯ আৰু মিজোৰামত ৮।
হায়দৰাবাদৰ ইলেক্ট্ৰনিক্স কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেড (ইচিআইএল)-এ আৰ্হি তৈয়াৰ কৰা ইভিএমবোৰ এনে ধৰণৰ ভিন্ন মূল্যৰ ভোট পঞ্জীয়ন কৰিব পৰাকৈ প্ৰস্তুত কৰা হোৱা নাই। সেইবাবেই এনে যন্ত্ৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ব্যৱহাৰ কৰিব পৰা নাযাব। উল্লেখ্য ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২৪ জুলাইত তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব। সেইবাবেই তেওঁৰ উত্তৰাধিকাৰী নিৰ্বাচিত কৰিবলৈ ১৮ জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব।
Leave A Comment