• "কিডনী দিয়া চাকৰি লোৱা" : কোন এই ৰহস্যময়ী যুৱতী

    আঞ্চলিক
    "কিডনী দিয়া চাকৰি লোৱা" : কোন এই ৰহস্যময়ী যুৱতী

    বাকসা : কিডনীৰ অবৈধ বেহাই ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে পুনৰ পোহৰলৈ আহিছে আন এটা ঘটনা ৷ কৰ্ম সংস্থাপনৰ প্ৰলোভন দি কিডনী নিলে এজন যুৱকৰ ৷ বিগত ২০১৬ চনত সংঘটিত হৈছিল এই ঘটনাটো ৷ মহানগৰীৰৰ নাৰেংগীৰ ফৰেষ্ট গেটত এগৰাকী যুৱতীৰ প্ৰৰোচনাত পৰি চিৰদিনলৈ ঘুণীয়া হ'ল বাক্সাৰ এজন যুৱক৷





    এই যুৱকজনৰ নাম হৰেন ডেকা ৷ বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিংৰাপাৰা গাঁওৰ হৰেন ডেকা কৰ্মসূত্ৰে আছিল গুৱাহাটীত ৷ এটা হোষ্টেলত ৰান্ধনি হিচাপে কৰ্মৰত হৰেনৰ চিনাকী হৈছিল নাৰেংগী ফৰেষ্ট গেটৰ অৰ্চনা দাস নামৰ এগৰাকী যুৱতীৰ সৈতে ৷ এই গৰাকী অৰ্চনা দাসে চিনাকী সূত্ৰে হৰেনক যুৱতীগৰাকীৰ পিতৃৰ বাবে এটা কিডনী দান কৰাৰ পৰামৰ্শ দিছিল ৷ ইয়াৰ বিনিময়ত হৰেনক দিব শকত পৰিমানৰ ধন আৰু স্থায়ী সংস্থাপন ৷ দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰি দিগবিদিগ হেৰুৱা সহজ সৰল হৰেনেও সহজতে মান্তি হৈছিল যুৱতীগৰাকীৰ চলাহী কথাত ৷





    সেই মতে বিভিন্ন কাগজ পত্ৰত চহী কৰাৰ পাছত হৰেনক লৈ গৈছিল কলকাতাৰ ৰবীন্দ্ৰনাথ টেগৰ চিকিৎসালয়লৈ ৷ তাতে হৰেনৰ সোঁফালৰ কিডনীটো উলিয়াই নিয়াৰ তিনি মাহ পাছত হৰেনক উভতাই আনিছিল অসমলৈ ৷ অসমলৈ ঘুৰি অহাৰ পাছৰে পৰা হৰেনক এৰাই চলে অৰ্চনা দাস নামৰ যুৱতীগৰাকীয়ে ৷ অৱশ্যে চুক্তি অনুসৰি যুৱতীগৰাকীয়ে হৰেনক দিছিল ডেৰ লাখ টকা ৷ ভূক্তভোগী যুৱক হৰেনে কয়, "স্থায়ী সংস্থাপনৰ আশাত কিডনী এটা দিছিলো ৷ কিন্তু এতিয়া অৰ্চনা দাসে এৰি চলিছে৷ ফোন কৰিলেও ৰিচিভ নকৰে৷ আনকি মোৰ লগত কৰা চুক্তিপত্ৰৰ কাগজ- পত্ৰ বা চিকিৎসালয়ৰ চিকিৎসকৰ ব্যৱস্থাপনা পত্ৰখিনিও নিদিলে ৷"





    উল্লেখ্য যে শেহতীয়াভাৱে দূৰ্বল হৈ পৰিছে হৰেন ৷ পত্নী আৰু দুই সন্তানৰ ভৱিষ্যক লৈ এতিয়া অন্ধকাৰ দেখিছে হৰেনে ৷ কাম কৰিব নোৱাৰা ৰুগীয়া হৰেনৰ লগতে দুই সন্তান আৰু পত্নীৰ সমষ্ট দায়িত্ব লব লগা হৈছে হৰেনৰ বৃদ্ধা মাতৃয়ে ৷ আনৰ ঘৰত কাম কৰি পুত্ৰ বোৱাৰী আৰু নাতিয়েকক চাব লগা হৈছে বৃদ্ধা হৰেনৰ মাতৃয়ে ৷ এতিয়া ন্যায় বিচাৰিছে প্ৰৱঞ্চনাৰ বলি হৈ ঘূনীয়া জীৱন আকোৱালী লোৱা হৰেন নামৰ দূৰ্ভগীয়া যুৱকজনে ৷