• "NLFBত জড়িত আছে ৰাজনৈতিক নেতা" : সংবাদমেলত ভাস্কৰজ্যোতি মহন্ত

    আঞ্চলিক
    "NLFBত জড়িত আছে ৰাজনৈতিক নেতা" : সংবাদমেলত ভাস্কৰজ্যোতি মহন্ত

    ধুবুৰী : ধুবুৰীত আজি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই এক সংবাদমেলত ধুবুৰী জিলাৰ লগতে দক্ষিণ শালমৰাৰ SP, BSF, CRPF, ITBPB ৰ লগতে প্ৰতিখন থানাৰ OCৰ লগত এক আলোচনাত বহে।





    আৰু পঢ়িব পাৰিব : জঘন্য ঘটনা : ধৰ্ষিতাক ধৰ্ষণকাৰীৰে বান্ধি উলিয়ালে সমদল





    বাংলাদেশ আৰু পশ্চিম বংগৰ সীমামূৰীয়া হোৱাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান ধুবুৰী জিলাত। বিটিআৰত জানুৱাৰী মাহৰ ১তাৰিখৰ পৰা আজিলৈ ৬৭টা AK 47 উদ্ধাৰ হৈছে৷ সোমবাৰেও বিটিআৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-ভাণ্ডাৰৰ লগতে খাদ্য ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছে।





    আৰু পঢ়িব পাৰিব : লুৰিণৰ মাতৃৰ আৰোগ্য কামনাৰে ঘৰে ঘৰে বন্তি প্ৰজ্বলন…





    অসম আৰক্ষীৰ দৃষ্টিৰ পৰা কোনেও সাৰি থাকিব নোৱাৰে বুলি জানিবলৈ দিয়ে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে। লগতে NLFB জড়িত থকাৰ কথাও ঘোষণা কৰে। ইয়াৰ উপৰি কোন কোন ৰাজনৈতিক নেতা NLFB ৰ লগত জড়িত আছে আৰক্ষীয়ে তথ্য লাভ কৰিছে সময়ত ৰাইজে গম পাব বুলি উল্লেখ কৰে। সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ হত্যাৰ তদন্ত ক্ষিপ্ৰতাৰে চলি আছে বুলিও তেওঁ কয়।