• 'কা' দুবছৰীয়া হ'ল : পুনৰ আৰম্ভ ৰাজপথৰ আন্দোলন!

    আঞ্চলিক
    'কা' দুবছৰীয়া হ'ল : পুনৰ আৰম্ভ ৰাজপথৰ আন্দোলন!

    ডিজিটেল ডেস্ক : আজি ১১ ডিচেম্বৰ৷ ২০১৯ চনৰ আজিৰ দিনটোতে অসমৰ ভূমিত 'কা'বিৰোধী শক্তিয়ে ধাৰণ কৰিছিল শক্তিশালী স্থিতি৷ চৌদিশে বাজি উঠিছিল কা'বিৰোধী ধ্বনি, ঠায়ে ঠায়ে জ্বলিছিল টায়াৰ, ক'লা ধোঁৱাই ছানি ধৰিছিল আকাশ৷ আজিৰ দিনটোতে বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰে বলপূৰ্বকভাৱে জাপি দিছিল নাগৰিকত্ব সংশোধনী আইন, ২০১৯। জাতি-মাটি-ভেটি ৰক্ষাৰ যুঁজত লক্ষ লক্ষ লোকে প্ৰতিবাদী কণ্ঠৰে ওলাই আহিছিল ৰাজপথলৈ৷ জাতিধ্বংসী 'কা' কোনো কাৰণে গ্ৰহণ কৰা নহ'ব বুলি উদাত্ত কণ্ঠৰে ওলাই আহিছিল খিলঞ্জীয়া অসমীয়া৷ আন্দোলনৰ নেতৃত্ব দিছিল সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বহুকেইটা ৰাজনৈতিক দল-সংগঠনেও৷ শিল্পী, সাহিত্য সমাজেও সক্ৰিয়ভাৱেই অংশগ্ৰহণ কৰিছিল এই আন্দোলনত৷ আন্দোলনকাৰীক ভেটা দিবলৈ চৰকাৰে প্ৰয়োগ কৰিছিল সামৰিক বাহিনীও৷ 'কা'বিৰোধী আন্দোলনতে ৫গৰাকী শ্বহীদৰ তেজেৰে ৰাঙলী হৈছিল অসমৰ ভূমি৷









    ক’লা পতাকা উত্তোলন কৰি ক’লা দিৱস পালন





    জাতিধ্বংসী এই নাগৰিকত্ব সংশোধনী আইনখন বলপূৰ্বকভাৱে জাপি দিয়াৰ প্ৰতিবাদতে চৰকাৰৰ বিৰুদ্ধে আজিৰ দিনটোত উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-সংগঠনৰ আহ্বানৰ মৰ্মে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ প্ৰতিখন জিলা সদৰত ক’লা পতাকা উত্তোলন কৰি ক’লা দিৱস পালন কৰে৷ সদৌ গুৱাহাটী ছাত্ৰ সন্থাইয়ো উজান বজাৰস্থিত শ্বহীদ ভৱনত ক'লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে৷ "এই কাল আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব। কেন্দ্ৰীয় চৰকাৰে যেতিয়ালৈকে আইন বাতিল নকৰে , তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব।" বুলি হুংকাৰ প্ৰদান কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই৷ লগতে শান্তিপূৰ্ণভাৱে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে আন্দোলন চলাই থাকিব। ৭ খন ৰাজ্যৰ প্ৰতিবাদী ভাষা কেন্দ্ৰীয় চৰকাৰে শুনিব লাগিব বুলিও তেঁও কয়৷









    বিজেপি চৰকাৰৰ বিৰুদ্ধে তথা 'কা'ৰ বিৰোধীতাৰে কৰা আন্দোলন স্তব্ধ কৰিবলৈ চৰকাৰেও সমান্তৰালকৈ চেষ্টা চলাইছিল৷ আন্দোলনকাৰীৰ ওপৰত লাঠিচালনা, কন্দুৱা গেছ নিক্ষেপ কৰাকে ধৰি গুলীচালনাও কৰিছিল৷ প্ৰায় চাৰি-পাঁচদিন ধৰি ইন্টাৰনেট সেৱা বন্ধ কৰাৰ উপৰি সান্ধ্য আইন জাৰি কৰিছিল অসমত৷ আন্দোলনক দমন কৰি ৰাখিবলৈ ৰাজ্যত সামৰিক বাহিনী অধিক কটকটিয়া কৰি তুলিলে চৰকাৰে৷ মুঠৰ ওপৰত অসমত অসমীয়াৰ ওপৰতে এক অত্যাচাৰ চলোৱাৰ দৰে পৰিবেশ গঢ়ি তুলিলে৷ ইয়াৰ উপৰি এই 'কা'বিৰোধী যুঁজখনত সাধাৰণ জনতা, ছাত্ৰ-ছাত্ৰী, সাংস্কৃতিক কৰ্মী, সাংবাদিক, শিল্প-সাহিত্য ক্ষেত্ৰকে ধৰি লাখ লাখ জনতাই আই মাতৃৰ অস্তিত্ব ৰক্ষাৰ যুঁজত নামি পৰিছিল৷ আজিৰ দিনটোতে সন্ধিয়াৰ সময়ছোৱাৰ পৰাই ৰাজ্যজুৰি বন্ধ কৰি দিয়া হৈছিল ইন্টাৰনেট সেৱা৷ ব্যাহত হৈ পৰিছিল যোগাযোগ ব্যৱস্থাও৷ জুবিন গাৰ্গেও লতাশিল খেলপথাৰত 'কা'ৰ বিৰোধীতাৰে আন্দোলনত অংশগ্ৰহণ কৰিবলৈ সকলো জনগনক আহ্বান জনাইছিল৷









    কিন্তু তাৰ পাছতো মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ১০জানুৱাৰীত আইনখন দেশজুৰি বলবৎ কৰিলে। ৰং সলালে বহু আন্দোলনকাৰীয়েও৷ ক্ষমতাৰ লোভত পৰি বিজেপি দলতে যোগদান কৰিলে বহু আন্দোলনকাৰীয়েও৷ অৱশ্যে এই আন্দোলনৰ সুবিধা লৈয়ে গঠন হ'ল দুটাকৈ আঞ্চলিক ৰাজনৈতিক দলো৷ নিৰ্বাচিত হ'ল এজন বিধায়কো৷ কিন্তু সময়ৰ গতিত বৰ্তমানে এই 'কা'বিৰোধী গণশক্তি বহুখিনি স্তিমিত হৈ যোৱা পৰিলক্ষিত হৈছে৷ অসমৰ জাতি-মাটি-ভেটি ৰক্ষাৰ যুঁজখন পুনৰ আৰম্ভ হ'ব নে নাই সেয়াও বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য কৰিলে সঠিকখে ঠিৰাং কৰিব নোৱাৰি৷