• 'মোৰ ছোৱালীৰ দুয়োখন হাত কাটি পেলাই দিয়া হ'ল৷ মোক ন্যায় লাগে'- ন্য়ায় বিচাৰি আৰক্ষীৰ দুৱাৰে দুৱাৰে এগৰ

    আঞ্চলিক
    'মোৰ ছোৱালীৰ দুয়োখন হাত কাটি পেলাই দিয়া হ'ল৷ মোক ন্যায় লাগে'- ন্য়ায় বিচাৰি আৰক্ষীৰ দুৱাৰে দুৱাৰে এগৰ

    ডিজিটেল ডেস্ক : 'মোৰ ছোৱালীৰ দুয়োখন হাত কাটি পেলাই দিয়া হ'ল৷ মোক ন্যায় লাগে-'এগৰাকী দুৰ্ভগীয়া পিতৃৰ ভাষ্য এয়া৷ ন্যায়ৰ বাবে আৰক্ষী-প্ৰশাসনৰ কাষ চাপিও বিমুখ পিতৃগৰাকী৷ এটি শিহৰণকাৰী ঘটনাই স্পব্ধ কৰি পেলাইছিল এটি পৰিয়ালৰ সুখৰ জীৱন ৷ এই ঘটনাই উদঙাই দিয়ে আৰক্ষী বিভাগৰ ফোপোলা স্বৰূপ৷ ঘটনাটো জানিলে আপোনাৰো চকু কপালত উঠিব৷ এগৰাকী যুৱতীৰ দুয়োখন হাত কাটি পেলাই এজন মানৱৰূপী পিশাচে৷ তাৰপাছতো মুকলি আকাশৰ তলত বিনা দ্বিধাই ঘূৰি আছে অপৰাধীজন৷





    এই শিহৰণকাৰী ঘটনাটো সংঘটিত হৈছিল আজিৰে পৰা প্ৰায় ১৩ মাহ আগত৷ ঘটনাৰ স্থান কৰিমগঞ্জৰ বাজাৰিছৰা৷ তথ্য অনুসৰি, কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ বাজাৰিছড়াত ছেলিম উদ্দিন নামৰ এজন ব্যক্তিৰ ঘৰত বনকৰা ল'ৰা হিচাপে আছিল কাঠলতলীৰ জনৈক শামিম উদ্দিনৰ পুত্ৰ সন্তান৷ অভিযোগ অনুসৰি, ছেলিমে বনকৰা ল'ৰাজনক পৰিশোধ কৰা নাছিল নিজৰ পাপ্যৰ ধন৷ যাৰফলত পাপ্য ধনৰ বাবে বাৰম্বাৰ অনুৰোধ কৰিছিল ছেলিমক৷ এনেতে ঘটিল সেই অঘটনটো৷ ধন বিচাৰি যোৱা শামিমৰ পত্নী আৰু জীয়ৰীক দাৰে ঘপিয়াই অভিযুক্ত ছেলিমে৷ যাৰফলত দুয়োখন হাত হেৰুৱাই শামিমৰ কন্যাগৰাকীয়ে৷ কিন্তু ঘটনাৰ ১৩ মাহ পাছলৈ ছেলিমৰ কৰায়ত্ব কৰিব পৰা নাই কৰিমগঞ্জ আৰক্ষীয়ে৷





    উল্ল্যেখ, ভুক্তভোগী শামিম উদ্দিনে আৰক্ষী অধীক্ষক মায়াং কুমাৰৰ কাষ চাপিছিল যদিও আজিলৈ বিশেষ সহাঁৰি নাপালে পৰিয়ালটোৱে৷ যাৰফলত ন্যায় বিচাৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বলৈ কাঁটৰ আহ্বান জনাইছে ভুক্তভূগী দুখীয়া পৰিয়ালটোৱে৷