• অখিলৰ মুক্তিৰ পাছতে শিৱসাগৰত আৱতৰীয়া দেৱালী

    আঞ্চলিক
    অখিলৰ মুক্তিৰ পাছতে শিৱসাগৰত আৱতৰীয়া দেৱালী

    শিৱসাগৰ: অখিল গগৈক ‘নিয়া’ৰ বিশেষ আদালতে বৃহস্পতিবাৰে সকলো গোচৰৰপৰা মুক্ত কৰাৰ লগে লগে শিৱসাগৰবাসীয়েও আন‌ন্দ-উছাহ প্ৰকাশ কৰিছে। অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ বাট একপ্ৰকাৰৰ প্ৰশস্ত হোৱাত শিৱসাগৰত একাংশই ফটকা ফুটাই আনন্দ-উছাহ প্ৰকাশ কৰে।





    বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অখিল গগৈ দুই-এদিনৰ ভিতৰতে শিৱসাগৰত উপস্থিত হ'বহি বুলি আশা প্ৰকাশ কৰিছে ‘ৰাইজৰ দল’, ‘বীৰ লাচিত সেনা’কে ধৰি বিভিন্ন জাতীয় সংগঠন আৰু সৰ্বসাধাৰণ ৰাইজে। ‘ন্যায় প্ৰতিষ্ঠাৰ যুঁজত অখিল গগৈ জয়ী হ'বয়েই বুলি পূৰ্বেৰে পৰা কৈ অহা ভাষ্য বাস্তৱত পৰিণত হ'ল!’- বুলি সন্তোষ প্ৰকাশ কৰিছে বীৰ লাচিত সেনাৰ মুখ্য সাংগঠনিক সচিব শৃংখল চলিহাই। ‘সূৰ্যক যিদৰে ঢাকি ৰাখিব নোৱাৰি, অখিল গগৈকো অন্ধকাৰ কুঠৰীত ঢাকি ৰাখিব নোৱাৰে’- বুলি চৰকাৰক কটাক্ষ কৰিছে শৃংখল চলিহাই।





    ইয়াৰ উপৰি ‘ৰাইজৰ দল’ৰ কেন্দ্ৰীয় উপ-সভাপতি ৰঞ্জিত তামুলী, ‘লাচিত সেনা’ৰ শিৱসাগৰ জিলা সভাপতি চিতু বৰুৱা, বিধায়কে গঠন কৰি দিয়া শিৱসাগৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকেও অখিল গগৈ সকলো গোচৰ পৰা মুক্ত হোৱাত আনন্দ প্ৰকাশ কৰিছে।





    উল্লেখ্য যে, শেহতীয়াকৈ মাতৃক সাক্ষাতৰ উদ্দেশ্য দুদিনৰ বাবে অখিল গগৈ যোৰহাটলৈ আহিছিল যদিও শিৱসাগৰ সমষ্টিলৈ অহাৰ অনুমতি লাভ কৰা নাছিল। বৰ্তমান সকলো বাধা দূৰ হোৱাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে সমষ্টিবাসী।