• অজিত দাস অপৰহণ কাণ্ডৰ সৈতে জড়িত অপৰাধীক আটক: গুলীবিদ্ধ কনিষ্টবল ৰাজবাবু

    আঞ্চলিক
    অজিত দাস অপৰহণ কাণ্ডৰ সৈতে জড়িত অপৰাধীক আটক: গুলীবিদ্ধ কনিষ্টবল ৰাজবাবু

    মৰিগাঁও: অজিত দাস অপৰহণ কাণ্ডৰ চাঞ্চল্য বৰ্তমানেও অব্যাহত আছে৷ নিশা ঘগুৱা পাহাৰত গুলীবিদ্ধ ৰাজবাবু সিং৷ পলাবলৈ লওঁতে গুলীচালনা কৰিলে আৰক্ষীয়ে৷ লতাশিল থানাত ধৃত সঞ্জু আৰু সত্য বৰদলৈক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে৷ চাংসাৰি থানালৈ নিয়া হৈছে অজিত দাসক৷





    মৰিগাঁও আৰক্ষীৰ গুলীত আহত হৈছে কনিষ্টবল ৰাজবাবু সিং৷ পলাবলৈ লওঁতে গুলীচালনা ৰাজবাবু সিঙক৷ অজিত দাসৰ অপহৰণৰ অন্যতম অভিযুক্ত আছিল ৰাজবাবু৷ কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলি কনিষ্টবলজনক৷ ফাঁচীবজাৰ আৰক্ষী চকীৰ কনিষ্টবল আছিল ৰাজবাবু সিং৷ ভৰিত গুলী লাগিছে ৰাজবাবু সিঙৰ৷ ঘগুৱা লৈ তদন্তৰ বাবে নিয়া অৱস্থাত পলায়নৰ চেষ্টা৷ সম্প্ৰতি মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি ৰাজবাবুক৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন দুজন অভিযুক্ত সঞ্জু বৰদলৈ আৰু সত্য বৰদলৈক৷