• অন্তঃসত্ত্বা পত্নীক প্ৰহাৰ কৰি আৰক্ষীৰ জালত পৰিল লম্পট স্বামী

    আঞ্চলিক

    বাকসা : ৰাজ্যত পুনৰ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা৷ অন্তঃসত্ত্বা পত্নীক গুৰুলাগুৰুলকৈ প্ৰহাৰ লম্পট স্বামীৰ৷ সাতগৰাকীকৈ যুৱতীক প্ৰেমৰ জালত পেলাই বিবাহপাশত আবদ্ধ কৰি আৰক্ষীৰ জালত লম্পট স্বামী৷ পত্নীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোকজনক৷ ঘটনাটো সংঘটিত হৈছে বাকসা জিলাৰ শালবাৰীৰ বাৰাপেটা নেপালী বস্তিত৷

    নেপালী বস্তিৰ ভোজৰাজ দৰ্জী ওৰফে ৰাজু দৰ্জী নামৰ লোকজনে প্ৰায় পাঁচ মাহ পূৰ্বে প্ৰেমৰ চলনাৰে বিবাহ কৰাইছিল শোণিতপুৰ জিলাৰ ধলাবিলৰ তুলসী দৰ্জী নামৰ যুৱতীগৰাকীক৷ তাৰ পাছৰ পৰাই স্বামী ৰাজু দৰ্জীয়ে সদায় মদ্যপান কৰি ঘৰলৈ আহি যৌতুক বিচাৰি নিৰ্যাতন চলাই আহিছিল নৱবিবাহিতা পত্নীক৷ ঘটনা অনুসৰি শুকুৰবাৰে নিশাও স্বামী ভোজৰাজ ওৰফে ৰাজু দৰ্জীয়ে মদ্যপান কৰি আহি বাঁহৰ লাঠি, দা আদিৰে বেয়াকৈ মাৰধৰ কৰে চাৰিমাহৰ অন্তঃসত্ত্বা পত্নী তুলসী দৰ্জীক৷ তাৰ পিছতে চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজ উপস্থিত হৈ স্বামীৰ হাতৰ পৰা ৰক্ষা কৰে নৱবিবাহিতাগৰাকীক৷

    ইয়াৰ পিছতে পত্নী তুলসী দৰ্জীয়ে স্থানীয় লাৱদাংগুৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷ এজাহাৰ দাখিলৰ পাছত আৰক্ষীয়ে স্থানীয় মহিলা সমিতিৰ সহযোগত পলাতক অৱস্থাত থকা ভোজৰাজ দৰ্জীক আটক কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে, স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি ইয়াৰ পূৰ্বেও ভোজৰাজ দৰ্জীয়ে এগৰাকী-দুগৰাকী নহয়, ছয় গৰাকীকৈ যুৱতীক প্ৰেমৰ জালত পেলাই বিবাহ কৰাইছিল আৰু অনুৰূপ ঘটনা সংঘটিত কৰিয়ে পূৰ্বৰ ছয় গৰাকীকৈ পত্নীক ঘৰৰ পৰা খেদি পঠিয়াইছিল৷

    Weather Forecast