Politics
Assam chief minister, Himanta Biswa Sarma, challenged his Delhi counterpart, Arvind Kejriwal, to label him corrupt when the latter is on a Guwahati tour...
গোৱালপাৰাঃ গোৱালপাৰাত পুনৰ অন্ধবিশ্বাসৰ বলি হৈছে এগৰাকী দুৰ্ভগীয়া মহিলা। মহিলাগৰাকীক ডাইনীৰ সন্দেহত মাছ ধৰা জাল, ৰচী আৰু কেতবোৰ সামগ্ৰীৰে বান্ধি মজিয়াত বগৰাই লৈ চলোৱা হৈছে নিৰ্যাতন। হাতীগাঁৱৰ একাংশ লোকে মানসিক বিকাৰগ্ৰস্থ মহিলাগৰাকীক কৰা নিৰ্যাতনৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ গোৱালপাৰা জিলাত।
জিলাখনৰ আগিয়া থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ হাতীগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে একেখন থানাৰ অধীনত বেলগুৰি নামৰ গাঁওখনত সংঘটিত হৈছিল অনুৰূপ ডাইনীকাণ্ড। অৱশ্যে গোৱালপাৰা আৰক্ষীৰ তৎপৰতাত জীৱনৰক্ষা পৰিছিল দুই মাতৃ-কন্যাৰ।
৭ জুলাইত অনুষ্ঠিত ৰাজহুৱা বিচাৰ সভাতে এই দুই মাতৃ-কন্যাক হত্যাৰ ভাবুকি দিছিল একাংশ উদণ্ড লোকে। এই ঘটনাৰ অনুসন্ধান চলি থকাৰ প্ৰাকক্ষণত পুনৰ এগৰাকী দুৰ্ভগীয়া মহিলা অন্ধবিশ্বাসৰ বলি হ'বলগীয়া ঘটনাই প্ৰমাণ কৰিছে আজিও অন্ধবিশ্বাস চলি আছে গ্ৰাম্যাঞ্চলসমূহত!
Leave A Comment