Regional
The restrictions will be in effect on September 29 and 30, as well as October 2 and 3, with a special emphasis on vulnerable roads...
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত শেষ্টিঝোৰা গাঁৱত বসবাস কৰা চাইমন চাংমা নামৰ এজন মানুহৰ ঘৰত অঞ্চলটোৰ আঠ-দহজনীয়া দল এটাই প্ৰৱেশ কৰি চাংমাক বিচাৰি তালাচী চলায়। চাংমাৰ বাবেই সেইখন গাঁৱৰ এগৰাকী মহিলা অসুস্থ হৈ পৰাৰ অভিযোগ দলটোৰ।
আৰু পঢ়িব পাৰিব : ভুৱা আধাৰ কাৰ্ডৰে কৰ্মৰত ঠিকাদাৰসহ শ্ৰমিক গ্ৰেপ্তাৰ
চাংমাক ডাইনী বুলি সন্দেহ কৰি আক্ৰমণৰ উদ্দেশ্যে দলটো ঘৰত প্ৰৱেশ কৰিছিল। কিন্তু উক্ত সময়ত ঘটনাৰ উমান পাই চাইমন চাংমাই ঘৰৰ পৰা পলাই গৈ কথমপি প্ৰাণৰক্ষা কৰে। উক্ত ঘটনা সন্দৰ্ভত বগৰীবাৰী আৰক্ষী থানাত ২৫/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰি টিপকাই আৰু বগৰীবাৰী আৰক্ষীয়ে চাংমাক বিচাৰি অভিযান চলায়।
আৰু পঢ়িব পাৰিব : সোণোৱাল চৰকাৰৰ অন্তিমখন কেবিনেট বৈঠক, বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
আৰক্ষীৰ অভিযানত চাংমাক শেষ্টিঝোৰা গাঁৱৰ গাঁওবুঢ়াৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত উদ্ধাৰ কৰে। আৰক্ষীয়ে চাংমাৰ স্বীকাৰোক্তিৰ ভিত্তিত শেষ্টিঝোৰা আৰু দলংঝৰাৰ মুঠ আঠজন অভিযুক্তক আটক কৰে। পাছত আটাইকে কোকৰাঝাৰ আদালতলৈ প্ৰেৰণ কৰে।
Leave A Comment