• অপহৰণ কাণ্ড: মুক্তিপণ বিচাৰিছিল ২ কোটি

    আঞ্চলিক
    অপহৰণ কাণ্ড: মুক্তিপণ বিচাৰিছিল ২ কোটি

    গুৱাহাটী: ৰাজ্যত সঘনাই সংঘটিত হ'বলৈ ধৰিছে অপহৰণ কাণ্ড৷ শুকুৰবাৰে জয়ন্ত কছাৰী নামৰ এজন ব্যৱসায়ীক অপহৰণ কৰিছিল দুৰ্বৃত্তই৷ তেওঁৰ সহযোগী কৰ্মচাৰী কুশল কলিতাও অপহৃত হৈছিল৷ কামত ওলাই যোৱাৰ পাছতেই নিখোঁজ হৈছিল দুয়োজন ব্যৱসায়ী৷





    গড়ভঙাৰ কৰ্মস্থলীৰপৰা দুজনকে অপহৰণ কৰিছিল দুৰ্বৃত্তই৷ গড়ভঙা অপহৰণত প্ৰথমে দুয়োজন ব্যৱসায়ীৰ মুক্তিপণ হিচাপে বিচাৰিছিল ২ কোটি টকা৷ বৰ্তমান অপৰহৰণকাৰীয়ে মুক্তিপণ বিচাৰিছে ১০ লাখ টকা৷ অপহৰণকাণ্ডত GNLA জড়িত থকাৰ সন্দেহ আৰক্ষীৰ৷