• অবৈধ ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ২ ককাই-ভাই

    আঞ্চলিক
    অবৈধ ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ২ ককাই-ভাই

    কামৰূপ: নগৰবেৰাৰ হেকৰাত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ অবৈধ বালিভৰ্তি ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় একেটা পৰিয়ালৰ দুই ভাই-ককাই৷ ইয়াৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন এজন৷ নিহত আৰু আহত তিনিওজন আদৰ্শ বিদ্যালয় দোকুছীৰ ছাত্ৰ আছিল৷





    আৰু পঢ়িব পাৰিব : ‘কমকৈ খাব লাগে, নিয়মিত ভিটামিন ল’ব লাগে’ – কিয় ক’লে মন্ত্ৰী হিমন্তই ?





    AS01M3502 নম্বৰৰ অবৈধ বালিভৰ্তি ডাম্পাৰখনে হেকৰাৰ পৰা নগৰবেৰালৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS25K1902 নম্বৰৰ বাইকখনত তীব্ৰ বেগত খুন্দিয়ায়৷ ফলত থিতাতে নিহত হয় আব্দুল কায়ম মাছু(১৪) আৰু গুৰুতৰভাৱে আহত হয় মনোৱাৰ হুছেইন৷ আহত মনোৱাৰ হুছেইনক তততৈয়াকৈ ওচৰৰ স্বাস্থ্য-কেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত ছাত্ৰজনৰ মৃত্যু হয়৷





    আৰু পঢ়িব পাৰিব : সুৰা-জুৱাৰ বাবেই স্বামীৰ হাততে প্ৰাণ গ’ল মহিলাৰ! আটক হত্যাকাৰী





    ইপিনে এই ঘটনাৰ পাছতেই ঘটনাক লৈ উত্তেজিত হৈ পৰে ৰাইজ৷ উত্তেজিত ৰাইজে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজপথ অৱৰোধ কৰাৰ লগতে বন বিভাগ আৰু আৰক্ষীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ৷ তদুপৰি উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ কিছু ক্ষতি সাধন কৰে৷