Sports
Digital Desk : India's young chess player D. Gukesh won an impressive amount of Rs. 11.45 crore as prize money from the FIDE World Champonship. Now, in a surprising development the ministry of Finance has
মৰিগাঁও : বকোত সংঘটিত হোৱা শিশু হত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে পুনৰ মৰিগাঁৱত সংঘটিত হৈছে অমানৱীয় ঘটনা। এটি দেৱ শিশু পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷
সোমবাৰে নিশা মৰিগাঁও আৰক্ষীয়ে মৰিগাঁৱৰ নভেটিৰ পৰা উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ। ১৭ ছেপ্তেম্বৰত জন্ম হোৱা শিশুটিৰ মাতৃৰ অচেতন অৱস্থাৰ সুযোগ লৈ শিশুটিৰ অবৈধ পিতৃয়ে শিশুটিৰ হত্যা কৰি পুতি থৈছিল বুলি অভিযোগ উত্থাপিত হৈছে৷ এগৰাকী বিধৱা মহিলা আৰু এজন পুৰুষৰ অবৈধ সম্পৰ্কৰ পৰিণতিত এই ঘটনা অভিযোগ। অজয় কৃষ্ণ বৰদলৈ আৰু পল্লৱী বিশ্বাস নামৰ এই দুইজনৰ মাজত থকা অবৈধ সম্পৰ্কৰ ফলত এটি সন্তান জন্ম হয়। মৃত শিশুটিৰ বিধবা মাতৃক বিয়া পতাৰ মিছা আশা দি সন্তান জন্ম দিয়াৰ পাছত অজয় কৃষ্ণ নামৰ লোকজনে অবৈধ সম্পৰ্কৰ কথা সমাজৰ পৰা লুকুৱাবলৈ নিষ্পাপ কন্যা শিশুটিক হত্যা কৰি পুতি থৈছিল।
এই সন্দৰ্ভত ২৪ ছেপ্তেম্বৰত শিশুটিৰ মাতৃয়ে মৰিগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছিল। বৰ্তমান শিশুটিৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিত্সালয়লৈ প্ৰেৰণ কৰা হৈছে৷ ঘটনাৰ সন্দৰ্ভত অজয় কৃষ্ণ বৰদলৈক গ্ৰেপ্তাৰ কৰি মহিলাগৰাকীক সোধপোছ অব্যাহত ৰাখিছে৷ এই সন্দৰ্ভত মৰিগাঁও আৰক্ষী অধীক্ষকে কয় যে উক্ত নৱজাতকটো হত্যাকাৰীজনৰে সন্তান বুলি কোৱাৰ লগতে DNA পৰীক্ষাৰ পাছতহে সকলো পোহৰলৈ আহিব বুলি মন্তব্য কৰে৷ শিশুটিৰ মাতৃয়ে দিয়া এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে হত্যাকাৰী অজয় কৃষ্ণ বৰদলৈক আটক কৰি জিম্মাত ৰাখিছে৷
Leave A Comment