• অভাৱত স্বভাৱ নষ্ট! পাৰিতোষিক লাভ নকৰি চুৰিকাৰ্যত কৰ্মচাৰী

    আঞ্চলিক
    অভাৱত স্বভাৱ নষ্ট! পাৰিতোষিক লাভ নকৰি চুৰিকাৰ্যত কৰ্মচাৰী

    ডিজিটেল ডেস্ক: পাঁচ মাহৰ পৰিতোষিক নাপাই কৰ্মচাৰী নামিল চুৰিকাৰ্যত! এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ পৰা জাঁজী লৈ চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কোম্পানীৰ কেম্পত। অভিযোগ অনুসৰি, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নির্মাণকাৰ্যৰ সামগ্ৰী চুৰি কৰে কৰ্মচাৰীকেইজনে৷ তাৰপাছতে অভিযুক্ত ৫জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷





    জানিব পৰা মতে, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ অস্থায়ী কেম্পত পথনিৰ্মাণৰ সামগ্ৰী চুৰি কৰি লাহদৈগড় আৰক্ষীৰ জালত পৰিছে কেম্পৰে নিৰাপত্তাৰ দায়িত্বত থকা যুৱক। আটকাধীন যুৱক কেইজন হ’ল ৰমেন কলিতা, অঞ্জন বৰা, জ্ঞানদ্বীপ হাতীবৰুৱা আৰু সুদীপ্ত বৰুৱা। আটকাধীন কৰ্মচাৰী কেইজনে এছ০৪কে ৪৫০১ নম্বৰৰ হিৰ’ হোণ্ডা আৰু এএছ০৩এ ডি১৭৬০ নম্বৰৰ পালছাৰ বাইকেৰে বহু পৰিমাণৰ নিৰ্মাণকাৰ্যত ব্যৱহাৰ হোৱা লোৰ সামগ্ৰী চুৰি কৰিছিল৷





    আৰু চুৰি কৰা এই সামগ্ৰী কঢ়িয়াই লৈ আনোতে তহলৰ দায়িত্বত নিয়োজিত হৈ থকা লাহদৈগড় আৰক্ষীৰ এটা দলে আৰক্ষী চকীৰ নিচেই কাষৰে পৰা কৰায়ত্ত কৰে। ইয়াৰ লগতে চুৰি কৰা লোৰ সামগ্ৰীসমূহ বিক্ৰী কৰা কাকজান মাজগাঁৱৰ আব্দুল কাদিৰৰ পুত্ৰ নেকিবুৰ ৰহমানক আটক কৰি আটাইকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।