• অভিযুক্তক এনকাউণ্টাৰ : অসম আৰক্ষীৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত গোচৰ

    আঞ্চলিক
    অভিযুক্তক এনকাউণ্টাৰ : অসম আৰক্ষীৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত গোচৰ

    গুৱাহাটী : শেহতীয়াকৈ ধাৰাবাহিকভাৱে অসমত সংঘটিত হৈছে আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা। অপৰাধীক কৰায়ত্ত কৰাৰ পাছত তদন্ত চলোৱাৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্তই পলায়নৰ চেষ্টা কৰাৰ সময়ত এই কাৰ্যত বাধা দিবলৈ আৰক্ষীয়ে গুলীচালনা কৰি আহিছে। বাৰে বাৰে পুনৰাবৃত্তি ঘটি থকা এই ঘটনাত বহু অভিযুক্ত আহত হোৱাৰ লগতে একাধিকে প্ৰাণ হেৰুৱাইছে। আৰক্ষীৰ এই কঠোৰ পদক্ষেপক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।





    এইবাৰ অসম আৰক্ষী এই ঘটনা প্ৰসংগত বিচাৰৰ কাঠগৰাত উঠিবলৈ বাধ্য হৈছে। অসম আৰক্ষীৰ বিৰুদ্ধে এইবাৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে দিল্লীৰ এগৰাকী অধিবক্তাই। অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পাছৰে পৰা অসমত ‘এনকাউণ্টাৰ উৎসৱ’ চলি থকা বুলি অভিযোগ কৰি অধিবক্তাগৰাকীয়ে। ১ জুনৰ পৰা অসমত ২০টা এনে এনকাউণ্টাৰ সংঘটিত হোৱা বুলি তেওঁ অভিযোগ দাখিল কৰিছে।





    আৰক্ষীৰ জিম্মাত থকা অৱস্থাত বা আৰক্ষীয়ে তালাচী অভিযান চলোৱাৰ সময়ত এনেধৰণে গুলীচালনা কৰিছে আৰু এনে পাঁচটা গুলীচালনাৰ ঘটনাত অভিযুক্তৰ মৃত্যু হোৱা বুলি তেওঁ আয়োগৰ আগত অভিযোগ দাখিল কৰিছে। আৰিফ জৱাদ্দাৰ নামৰ দিল্লীৰ এগৰাকী অধিবক্তাই শনিবাৰে এই গোচৰ দাখিল কৰিছে আৰু অভিযোগ কৰিছে যে, অভিযুক্তই আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ অজুহাতত আৰক্ষীয়ে ‘ভুৱা এনকাউণ্টাৰ’ সংঘটিত কৰি আহিছে।





    তেওঁ দাবী কৰা মতে এনে গুলীচালনাত আহত বা নিহত হোৱা অভিযুক্তসকল সৰু অপৰাধৰ সৈতে জড়িত লোক। ড্ৰাগছ সৰবৰাহকাৰী, পশু সৰবৰাহকাৰী বা চোৰাং বেহা চলোৱা লোক, ডকাইট আদি। তেওঁলোক অস্ত্ৰৰ প্ৰশিক্ষণ থকা সন্ত্ৰাসবাদী নহয়। জৱাদ্দাৰে অভিযোগ কৰিছে যে, এনে অপৰাধীয়ে আৰক্ষীৰ পৰা পিষ্টল কাঢ়ি লৈ গুলীচালনা কৰাৰ দৰে ঘটনা সংঘটিত কৰাৰ কোনো সম্ভাৱনা নাই। অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত প্ৰশিক্ষিত আৰক্ষী বাহিনীৰ সন্মুখত এনে কাৰ্য অভিযুক্তই কৰিব নোৱাৰে। আৰক্ষীৰ এনে কাৰ্যই অভিযুক্ত লোকসকলক সঠিক বিচাৰ লাভৰ অধিকাৰৰ পৰা বঞ্চিত কৰা বুলি তেওঁ আয়োগক অভিযোগ দাখিল কৰে।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor