National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
ধুবুৰী : ধুবুৰী জিলাৰ গৌৰীপুৰৰ মধুশৌলমাৰী অঞ্চলত সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী যুৱতীক বিদ্যুতৰ খুটাত বান্ধি একাংশই চলালে অমানুসিক নিৰ্যাতন। প্ৰেমিকৰ পৰিয়ালে যুৱতীগৰাকীক মাৰপিট কৰি নানা ভয়-ভাবুকি দিয়ে। নিৰ্যাতিত যুৱতীগৰাকীৰ ভাষ্য অনুসৰি মধু শৌলমাৰী তৃতীয় খণ্ডত গাঁৱৰ আলিমূল নামৰ প্ৰেমিকজনে মাতি পঠিওৱাৰ বাবে যুৱতীগৰাকী তেওঁৰ ঘৰলৈ গৈছিল।
আৰু পঢ়িব পাৰিব :পশ্চিমবংগত অমিত শ্বাহ, আৰম্ভ ‘জয় শ্ৰীৰাম’ৰ ৰাজনীতি
প্ৰেমিক আলিমূলৰ অনুপস্থিতিত প্ৰেমিক পৰিয়ালৰ একাংশই এইদৰে বিদ্যুতৰ খুটাত বান্ধি মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলায় যুৱতীগৰাকীক। ঘটনাৰ পিছতেই যুৱতীগৰাকীক উদ্ধাৰ কৰে স্থানীয় একাংশই। ঘটনা সংক্ৰান্তত নিৰ্যাতিত যুৱতীগৰাকীয়ে গৌৰীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।
আৰু পঢ়িব পাৰিব :‘কোচ-ৰাজবংশীসকলৰ ভাল দিন আহি আছে…’ : অমিত শ্বাহে দিছে নতুন আশা
এজাহাৰখনত উল্লেখ কৰা মতে, বিগত তিনি বছৰৰ পৰা দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। ইয়াৰ মাজতে বিয়াৰ প্ৰলোভনেৰে চলিছিল শাৰীৰিক সম্পৰ্ক। যাৰ ফলত বৰ্তমান যুৱতী গৰাকী ডেৰ মহীয়া আন্তঃসত্তা হৈছে। ইপিনে প্ৰেমিক পৰিয়ালে যুৱতীগৰাকীক গৰ্ভপাত কৰিবলৈ ভাবুকি দিয়া বুলিও অভিযোগ কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে।
Leave A Comment