• অযোধ্যাৰ ৰাম মন্দিৰলৈ দান দিলে সংখ্যালঘু বিধায়কে

    আঞ্চলিক
    অযোধ্যাৰ ৰাম মন্দিৰলৈ দান দিলে সংখ্যালঘু বিধায়কে

    চেন্নাই : ৰাম মন্দিৰ বনাম বাবৰি মছিদৰ দৰে স্পৰ্শকাতৰ বিষয়ত একাংশ জনপ্ৰতিনিধিৰ সংবেদনশীল ভূমিকা চৰ্চাৰ কাৰণ হৈ পৰিছে। শেহতীয়াকৈ ৰাম মন্দিৰ নিৰ্মাণ ন্যাসলৈ বৰঙণি প্ৰদানেৰে চৰ্চা লাভ কৰিছে ডিএমকেৰ এগৰাকী ইছলামধৰ্মী বিধায়ক তথা দলটোৰ সংখ্যালঘু গোটৰ মুৰব্বী কে এছ মস্তান।





    আৰু পঢ়িব পাৰিব : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তি ৰাজ্যপালৰ…





    তামিলনাডুৰ গিংগীৰ ডিএমকে বিধায়কগৰাকীয়ে অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১১হাজাৰ টকা দান কৰিছে। নিজৰ এই বৰঙণিৰ বিষয়ে প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত মস্তানে কয়, ‘মোৰ পুৰণি বন্ধু কালিবৰ্ধনে মোক এই কাৰ্যৰ বাবে অনুৰোধ জনাইছিল আৰু তাত সঁহাৰি জনাবলৈ পাই মই গৰ্ব বোধ কৰিছোঁ।’





    অৱশ্যে কেৱল ৰাম মন্দিৰৰ বাবেই নহয়, ইয়াৰ পূৰ্বেও একাধিকবাৰ তেওঁ ভালেমান মন্দিৰৰ বাবে দান-বৰঙণি আগবঢ়াইছে। কেৱল এয়াই নহয়, তেওঁ ১৯৮৬চনত গিংগী চহৰ পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ সময়ৰে পৰা ‘কুম্ভবিশেষকম’ মন্দিৰৰ সৈতেও তেওঁ যুক্ত হৈ আছে।





    আৰু পঢ়িব পাৰিব : নৱনিযুক্ত এছআইৰ নিযুক্তিপত্ৰ বিতৰণঃ হিমা দাসো আজিৰেপৰা ডিএছপিৰ ৰূপত





    তেওঁ নিজৰ বিচাৰ ব্যক্ত কৰি কয়, ‘মানুহে যেতিয়া মোক প্ৰশ্ন কৰে যে, ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মই কিয় বৰঙণি দিছোঁ সেয়া মোৰ কাৰণে আশ্বৰ্যজনক। হিন্দু অথবা বা মুছমান কৰো ঈশ্বৰৰে ইয়াক লৈ সমস্যা নাই।’ তেওঁ লগতে কয় যে, ডিএমকে দলৰ প্ৰতিষ্ঠাতা চি এন আন্নাডুৰাইৰ দৰে তেৱোঁ বিশ্বাস কৰে যে, ঈশ্বৰ এজনেই আৰু ধৰ্মও এটা।