Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
ট’কিঅ’: ট’কিঅ’ অলিম্পিক-২০২০ত জয়েৰে অভিযান আৰম্ভ কৰা পূৰ্বোত্তৰ কন্যা মেৰীকমৰ বিদায়। বৃহস্পতিবাৰে অনুষ্ঠিত খেলখনত কলম্বিয়াৰ ইংগ্ৰীট ভেলেন্সিয়াৰ বিৰুদ্ধে পৰাভূত মেৰীকম। ২-৩ৰ ব্যৱধানত পৰাভূত মেৰীকম। কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰাৰ উদ্দেশ্যে কলম্বিয়াৰ বক্সাৰৰ সৈতে যুঁজত অৱতীৰ্ণ হৈছিল মেৰীকম। মহিলাৰ ৪৮ কেজিৰ ৰাউণ্ড অব্ ৩২ত মেৰীকমৰ প্ৰতিপক্ষ ড’মাণিকান ৰিপাব্লিক নিগুলিনা হাৰ্নাণ্ডেছ গাৰ্ছিয়াক পৰাভূত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছিল মেৰীকমে। গাৰ্ছিয়াৰ কঠোৰ প্ৰত্যাহ্বান নেওচি বিজয় লাভ কৰা মেৰীকমৰ এয়া আছিল অন্তিম অলিম্পিক। মেৰীকমৰ বিদায়ত শোকস্তব্ধ ক্ৰীড়ানুৰাগী!
Leave A Comment