আন্তঃৰাষ্ট্ৰীয়
গুৱাহাটী : নিৰ্বাচনৰ প্ৰাক মূহূৰ্তত অসমত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড আক্ৰান্তৰ হাৰ৷ ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ কৰ'নাত আক্ৰান্ত হয় ৪১জন লোক৷ বুধবাৰৰ দিনটোত কামৰূপ মেট্ৰ’ত ১৯জন, শোণিতপুৰত ৮জন আক্ৰান্ত৷
আৰু পঢ়িব পাৰিব : শদিয়াত ৯৮ কাৰ্টন সুৰা জব্দঃ ভোটাৰৰ মাজত বিলাবলৈ অনাৰ অভিযোগ
ইয়াৰ উপৰি শিৱসাগৰতো ৪জন কৰ'নাত আক্ৰান্ত হয়৷ চলিত সপ্তাহত ৰাজ্যত কৰ'নাত মৃতকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পায়৷ লগতে বুধবাৰে পুনৰ এজন ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয়৷
আৰু পঢ়িব পাৰিব : ‘কাঁ চলচ্চিত্ৰ মহোৎসৱ’ত উজলিল জয় বৰুৱাৰ নাম
ইপিনে মঙলবাৰে জেএমচিএইচত এজন ক'ভিড ৰোগীৰ মৃত্যু হৈছিল৷ সোমবাৰে এছএমচিএইচত আন এজনৰ মৃত্যু হয়৷ বিগত বৰ্ষৰ পৰা এই মুহূৰ্তলৈকে ২,১৮,০৯৯জন ক’ৰোনাত আক্ৰান্ত হৈছে ৰাজ্যত৷ অৱশ্যে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ক'ভিড নিয়ন্ত্ৰণত আছে বুলিও কয়৷
Leave A Comment