• অসম আৰক্ষীত নতুন সংযোজন, সাৰি নাযায় অপৰাধী!

    আঞ্চলিক
    অসম আৰক্ষীত নতুন সংযোজন, সাৰি নাযায় অপৰাধী!

    গুৱাহাটী : অসম আৰক্ষীত নতুন সংযোজন। আৰক্ষীৰ আধুনিকীকৰণৰ পদক্ষেপ হিচাপে ঘটোৱা নতুন সংযোজনে অসম আৰক্ষীক অধিক গতিশীল তথা কাৰ্যক্ষম কৰি তোলাৰ সম্ভাৱনা দেখা গৈছে। বিশেষ একশ্ৰেণীৰ অপৰাধীৰ বাবে এই পদক্ষেপ হৈ পৰিব পাৰে মূৰৰ কামোৰণি। আজি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই মুকলি কৰিব চাইবাৰ ফৰেনচিক লেব৷ ৩ কোটিকৈ টকা ব্যয় সাপেক্ষে ৰাজ্যৰ প্ৰতিখন থানাতে বিশেষ চাইবাৰ কিটৰ ব্যৱস্থা কৰা হৈছে৷ প্ৰথম পৰ্যায়ত গুৱাহাটীৰ প্ৰতিখন থানাত দিয়া হ'ব চাইবাৰ কিট৷





    আৰু পঢ়িব পাৰিব : সন্ত্ৰাসবাদীৰ নৃশংসতা, কৰুণভাৱে নিঃশেষ আৰক্ষী বিষয়াৰ পৰিয়াল





    এই কিটৰ জড়িয়তে থানাতে চাইবাৰ অপৰাধৰ তদন্ত কৰিব পাৰিব৷ আজিৰে পৰা চাইবাৰ কিটৰ প্ৰশিক্ষণ আৰম্ভ হ'ব গুৱাহাটী আৰক্ষীৰ৷ চিআইডিৰ কাৰ্যালয়ত প্ৰশিক্ষণ দিয়া হ'ব প্ৰতিজন আৰক্ষীক৷ ইয়াৰ সমান্তৰালকৈ আজিৰে পৰা আৰম্ভ হ’ব চাইবাৰ ফৰেনচিক লেব৷ CIDৰ কাৰ্যালয়তে স্থাপন কৰা হৈছে চাইবাৰ ফৰেনচিক লেবটো৷





    আৰু পঢ়িব পাৰিব : ৰক্ষকেই ভক্ষক! অপহৃত ব্যৱসায়ীক উদ্ধাৰ, কনিষ্টবলসহ গ্ৰেপ্তাৰ চাৰি





    আৰক্ষীৰ বাবে ড্ৰাগ ডিটেকচন কিটৰো ব্যৱস্থা কৰিছে বিভাগে৷ যাৰ সহায়ত ঘটনাস্থলীতে আৰক্ষীয়ে পৰীক্ষা কৰিব পাৰিব জব্দকৃত ড্ৰাগছ৷