• অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন, পাহাৰ জ্বলালে নগাই

    আঞ্চলিক
    অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন, পাহাৰ জ্বলালে নগাই

    যোৰহাটঃ মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে। অসমৰ তিনিওখন সংৰক্ষিত বনাঞ্চলৰ অধিকাংশ ভূমি নগাৰ বেদখলত থকাৰ পাছত এতিয়া অৱশিষ্ট ভূমিৰ ওপৰটো লুলোপ দৃষ্টি পৰিছে আগ্ৰাসী নগাৰ। দিছৈ ভেলীৰ পাছত তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ ভূমি নগাই হস্তগত কৰিবলৈ উঠিপৰি লাগিছে।





    আৰু পঢ়িব পাৰিব : পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী, ১৮৮ কোটিটকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন





    মৰিয়নিৰ চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত তিৰুহিলছ সংৰক্ষিত বনাঞ্চলত অস্ত্ৰধাৰী নগাই বিচৰণ কৰি থকাৰ লগতে বনাঞ্চলখনৰ গছ-গছনি কাটি তহিলং কৰি কেইবাখনো পাহাৰ ইতিমধ্যে জ্বলাই দিছে। আনহাতে বনাঞ্চলখনত অস্ত্ৰধাৰী নগাই স্থাপন কৰিছে বিশেষ শিবিৰ।এই শিবিৰসমূহত এন এছ চি এন (ই এম) গোটৰ অত্যাধুনিক মাৰণাস্ত্ৰৰে সজ্জিত এটা বৃহৎ দলে বাহৰ পাতি থকা বুলি জানিব পৰা গৈছে।





    আৰু পঢ়িব পাৰিব : নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক : চূড়ান্ত হ’ব পাৰে বিধানসভা নিৰ্বাচনৰ দিন !





    নগা সশস্ত্ৰ দলটোৱে অসমৰ ভূমিত বেদখল চলোৱা সাধাৰণ নগালোকসকলক পহৰা দি থাকে। অস্ত্ৰধাৰী নগাৰ এই আগ্ৰাসনক লৈ আতংকিত হৈ পৰিছে সীমান্তৱৰ্তী লোকসকল। আজি তিৰুহিলছ সংৰক্ষিত বনাঞ্চলত নগাই চলোৱা আগ্ৰাসন প্ৰত্যক্ষ কৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বিধায়কগৰাকীয়ে বিজেপি চৰকাৰৰ দিনত অসমৰ ভূমিত নগাৰ আগ্ৰাসন বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন কৰিছে।